বৰপেটাত ভয়ংকৰ পথ দুৰ্ঘটনা (Barpeta Accident)। তীব্ৰবেগী ডাম্পাৰে মহতিয়ালে দুই যুৱকক। বৰপেটা চহৰৰ সমীপৱৰ্তী দাবালিয়াপাৰাত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে মৃত্যু ২১ বছৰীয়া যুৱক আবু জফৰ মণ্ডলৰ। আনহাতে গুৰুতৰভাৱে আহত হয় আচিক হুছেইন (২২)।
সম্প্ৰতি বৰপেটা চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে আচিক হুছেইন। দুই বন্ধু আবু জফৰ মণ্ডল আৰু আচিক আলীয়ে প্ৰতিদিনৰ দৰে আজি পুৱাও ঘৰৰ পৰা ওলাই আহিছিল কচৰৎ কৰিবলৈ।
দিনে ১০-১২ কিলোমিটাৰ দৌৰৰ অভ্যাস কৰা দুই বন্ধুৱে আন দিনৰ দৰে আজিও দৌৰি আহি দাবালীয়াপাৰা দলঙৰ কাষত জিৰণি লৈ আছিল। তেনেতে বৰপেটাৰ পৰা হাউলী অভিমুখে গৈ থকা এখন তীব্ৰবেগী ডাম্পাৰে দলঙৰ ওপৰতে মহতিয়াই নিয়ে দুই বন্ধুক। দুৰ্ঘটনাৰ পিছত দলঙৰ ওপৰতে বাগৰি পৰে ডাম্পাৰখন।
দুৰ্ঘটনা সংঘটিত কৰিয়েই ডাম্পাৰৰ চালক আৰু চালকৰ সহযোগীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ইপিনে স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি সুৰামত্ত অৱস্থাত আছিল ডাম্পাৰৰ চালক। ঘটনাস্থলীত বিয়েৰৰ এটা খালী বটলো পৰি থকা দেখা গৈছে।