অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰবীণ চন্দ্ৰ দাসৰ দেহাৱসান



 পলাশবাৰী সমষ্টিৰ অন্তৰ্গত সৰপাৰা নিৱাসী বিশিষ্ট ক্ৰীড়া সংগঠক, অৱসৰপ্ৰাপ্ত শিক্ষক তথা অসম চৰকাৰৰ ক্ৰীড়া পেঞ্চনাৰ প্ৰবীণ চন্দ্ৰ দাসৰ আজি বিয়লিৰ ভাগত নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। দীৰ্ঘদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা দাসৰ এই বিয়োগত সমগ্ৰ পলাশবাৰীত গভীৰ শোকৰ ছাঁ পৰিছে।

১৯৪৬ চনৰ ৫ এপ্ৰিলত সৰপাৰা গাঁৱত জন্মগ্ৰহণ কৰা দাসে শিক্ষা সমাপ্ত কৰাৰ পাছত সৰপাৰা এম ই স্কুল আৰু উপৰহালী হাইস্কুলত সুদীৰ্ঘ ৩৪ বছৰ সফলতাৰে শিক্ষকতা কৰি ২০১২ চনত অৱসৰ গ্ৰহণ কৰে। ইপিনে শিক্ষকতাৰ সমান্তৰালকৈ তেওঁ ক্ৰীড়া আৰু সাহিত্য জগতলৈ উল্লেখনীয় অৱদান আগবঢ়াই গৈছে। 

ৰাজ্যৰ আগশাৰীৰ এজন ফুটবল গ’লৰক্ষক আৰু খেল পৰিচালক হিচাপে পৰিচিত দাসে কাবাডী, খো-খো, আৰু হেণ্ডবল আদি বহু খেলৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছিল।তেওঁ হেণ্ডবলৰ ৰাজ্যিক পৰ্যায়ৰ পৰিচালক আৰু খো-খো খেলত ৰাজ্যিক ৰেফাৰী হিচাপে দায়িত্ব পালন কৰাৰ উপৰি কেইবাটাও খো-খো দলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষক আৰু দল পৰিচালক হিচাপে অসমক প্ৰতিনিধিত্ব কৰিছিল। লগতে

শিক্ষকতাৰ সমান্তৰালকৈ তেওঁ ক্ৰীড়া আৰু সাহিত্য জগতলৈ উল্লেখনীয় অৱদান আগবঢ়াই গৈছে।  ৰাজ্যৰ আগশাৰীৰ এজন ফুটবল গ’লৰক্ষক আৰু খেল পৰিচালক হিচাপে পৰিচিত দাসে কাবাডী, খো-খো, আৰু হেণ্ডবল আদি বহু খেলৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছিল।

তেওঁ হেণ্ডবলৰ ৰাজ্যিক পৰ্যায়ৰ পৰিচালক আৰু খো-খো খেলত ৰাজ্যিক ৰেফাৰী হিচাপে দায়িত্ব পালন কৰাৰ উপৰি কেইবাটাও খো-খো দলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষক আৰু দল পৰিচালক হিচাপে অসমক প্ৰতিনিধিত্ব কৰিছিল। লগতে সদৌ অসম কাবাডী ৰেফাৰী সন্থাৰ অধ্যক্ষ হিচাপে তেওঁ সুদীৰ্ঘ ২০ বছৰ কাল নিষ্ঠাৰে দায়িত্ব পালন কৰে।

ইপিনে ক্ৰীড়া জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ২০২৪ চনত দক্ষিণ কামৰূপ প্ৰেছ ক্লাৱে তেওঁক 'ক্ৰীড়া শ্ৰী' উপাধিৰে ভূষিত কৰে। 

আনহাতে,তেওঁ সৰপাৰা ৰাইজ গয়ৰহৰ সভাপতি,সৰপাৰা  মিলন সংঘৰ সভাপতি/ সম্পাদক,পলাশবাৰী আৰ বি  উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ উপসভাপতি, দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক আৰু উপদেষ্টা আৰু মৃত্যুৰ সময়লৈ সৰপাৰা স্বৰ্ণ সাহিত্য সভাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহকৰিছিল। 

তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোৰ বহুসংখ্যক গুণমুগ্ধ তথা বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি তেওঁৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা নিবেদন কৰে।

দক্ষিণ কামৰূপ প্ৰেছ ক্লাব, দক্ষিণ কামৰূপ সাংবাদিক সন্থা, ই পি মিডিয়া ফৰাম, দক্ষিণ কামৰূপ ছাত্ৰ সন্থা, দক্ষিণ কামৰূপ ক্ৰীড়া সন্থা, সদৌ অসম কাবাডী সন্থা, সৰপাৰা ৰাইজ গয়ৰহ, সৰপাৰা ফ্ৰেইণ্ডছ ক্লাব আৰু সৰপাৰা স্বৰ্ণ সাহিত্য সভাকে ধৰি বিভিন্ন সংগঠনে তেওঁৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্ৰ, কন্যা, নাতি-নাতিনীসহ বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায়।

Post a Comment

Previous Post Next Post