আজি ৩০ অক্টোবৰ।অসমৰ ইতিহাসৰ এক অভিশপ্ত আৰু ক’লা দিন।
২০০৮ চনৰ এই দিনটোতৰ কথা হয়তো আজিও পাহৰিব পৰা নাই কোনোৱে। এক ভয়ংকৰ ধাৰাবাহিক বোমা বিস্ফোৰণে স্তব্ধ কৰি তুলিছিল সমগ্ৰ অসমক। তিল তিলকৈ গঢ়ি উঠা বহু সুখী পৰিয়াল নিমিষতে ছাৰখাৰ হৈ পৰিছিল, ধূলিসাৎ হৈছিল শ শ নিৰীহ লোকৰ সপোন।
উল্লেখ্য যে,২০০৮ চনৰ ৩০ অক্টোবৰৰ সেই ক’লা দিনটোত বড়ো উগ্ৰপন্থী সংগঠন এন ডি এফ বি (NDFB) এ গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন স্থানত এই বৰ্বৰ কাণ্ড সংঘটিত কৰিছিল। গুৱাহাটীত ৫টা, বৰপেটা ৰোডত ২টা, বঙাইগাঁৱত এটা আৰু কোকৰাঝাৰত দুটাকৈ বোমা বিস্ফোৰণ হৈছিল। মুঠ ৯টা স্থানত সংঘটিত হোৱা এই বিস্ফোৰণৰত ৮১ জন নিৰীহ লোক নিহত হৈছিল আৰু প্ৰায় ৪৭০ জন লোক আহত হৈছিল। এই ধ্বংসলীলাই সমগ্ৰ অসমক কঁপাই তুলিছিল।
এই ধাৰাবাহিক বিস্ফোৰণৰ মূল অভিযুক্ত আছিল ৰঞ্জন দৈমাৰী, যাৰ পৰিকল্পনা অনুসৰি এই ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হৈছিল। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই (CBI)এ এই কাণ্ডত মুঠ ১৫ জনক গ্ৰেপ্তাৰ কৰিছিল।
২০১০ চনত মুখ্য অভিযুক্ত ৰঞ্জন দৈমাৰী গ্ৰেপ্তাৰ হৈছিল। ২০১৮ চনৰ ২৯ জানুৱাৰীত গুৱাহাটীৰ বিশেষ আদালতে দৈমাৰীৰ লগতে আন কেইবাজনকো দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল
ইপিনে এই মৰ্মান্তিক ঘটনাই আজি ১৮ বছৰ অতিক্ৰম কৰিলে।আজিৰ দিনটোত ৰাজ্যজুৰি বিভিন্ন স্থানত সেই অভিশপ্ত দিনটোত মৃত্যুক সাৱটি লোৱা শ্বহীদসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।
৩০ অক্টোবৰৰ এই বেদনাদায়ক স্মৃতিয়ে আজিও অসমীয়াৰ মনত সন্ত্ৰাস আৰু শোকৰ গভীৰ দাগ এৰি থৈ গৈছে।
