নগাঁৱত 'শিল্পকানন'ৰ ৰাজ্যিক পৰ্যায়ৰ আবৃত্তি প্ৰতিযোগিতা সম্পন্ন



 নগাঁৱৰ অন্যতম অগ্ৰণী সামাজিক-সাংস্কৃতিক প্ৰতিষ্ঠান 'শিল্পকানন'ৰ উদ্যোগত আজি নগাঁও ছোৱালী মহাবিদ্যালয়ৰ 'কুশীলৱ' প্ৰেক্ষাগৃহত এক মানবিশিষ্ট সদৌ অসম ভিত্তিক আবৃত্তি প্ৰতিযোগিতা সফলতাৰে অনুষ্ঠিত হৈ যায়।

নাট্যশিল্পী পবিত্ৰ প্ৰাণ শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰা এই প্ৰতিযোগিতাখনিত ১৫ বছৰৰ ঊৰ্ধ্বৰ আৰু ৩০ বছৰৰ অনুৰ্ধ্বৰ প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰে। ৰাজ্যৰ বিশিষ্ট আঠগৰাকী কবিৰ নিৰ্বাচিত আঠটা কবিতাক সামৰি এই আবৃত্তি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল।

নলবাৰী, গুৱাহাটী আদিকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰা এই তীক্ষ্ণ প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীসকল ক্ৰমে তলত উল্লেযখ কৰা হৈছে- 

  • প্ৰথম স্থান (৫,০০০ টকা): কস্তুৰীমা দাস (হোজাই)

  • দ্বিতীয় স্থান (৩,০০০ টকা): জ্যোতিপ্ৰাণা ডেকা (মৰিগাঁও)

  • তৃতীয় স্থান (২,০০০ টকা): তন্মী ফুকন (নগাঁও)

উল্লেখযোগ্য যে, দীপ্তি কলিতা, বীণা শৰ্মা আৰু জয় বৰা বৰগায়নৰ সোঁৱৰণত এই নগদ ধনৰ বঁটাসমূহ ক্ৰমে দিপালী বেজবৰুৱা, শ্যামলিমা শৰ্মা আৰু নেত্ৰকমল বৰাই আগবঢ়ায়। প্ৰতিযোগিতাখনৰ বিচাৰকৰ আসন শুৱনি কৰে অমিয়া পাটৰ, ৰাজেন গোস্বামী আৰু জিতুমণি দেৱচৌধুৰীয়ে।

দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনিৰ শেষত বিয়লি নগাঁও ছোৱালী মহাবিদ্যালয়ৰ'ৰঙ্গম্' মঞ্চত অনুষ্ঠিত এক বিশেষ কাৰ্যসূচীত বিজয়ীসকলক বঁটাসমূহ প্ৰদান কৰা হয়। একেটি অনুষ্ঠানতে 'শিল্পকানন'ৰ অভিনয় শিক্ষাৰ একাংশ প্ৰশিক্ষাৰ্থীকো আনুষ্ঠানিকভাৱে মানপত্ৰ প্ৰদান কৰা হয়।

এই বঁটা বিতৰণী অনুষ্ঠানত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় (NDS), নতুন দিল্লীৰ স্নাতক দক্ষিণা শৰ্মা, নাট্যশিল্পী প্ৰশান্ত শৰ্মা, সোণমণি বেজবৰুৱা, ধনঞ্জয় বৰদলৈ, সুস্মিতা শইকীয়া, প্ৰণৱজ্যোতি বৰদলৈ, শোণিত বৰা তথা সাংবাদিক আৰু নাট সমালোচক জ্যোতিপ্ৰসাদ বৰাকে ধৰি অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

Post a Comment

Previous Post Next Post