বিশিষ্ট বৈষ্ণৱ পণ্ডিত তথা সত্ৰীয়া সংস্কৃতিৰ সাধক নগাঁও জিলাৰ নতুন ভোগবাৰী শ্ৰীশ্ৰী দীঘলী সত্ৰৰ সত্ৰাধিকাৰ লীলাকান্ত দেৱ মহন্তৰ বৃহস্পতিবাৰে নিশা অৰ্থাৎ ১৯ নৱেম্বৰৰ নিশা ৮ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত নিশা ৯৭ বছৰ বয়সত মৃত্যু হয়। ১৯৩০ চনৰ ৭জানুৱাৰীত জন্মগ্ৰহন কৰা সত্ৰাধিকাৰ জন হৃদৰোগত আক্ৰান্ত হৈ যোৱা এসপ্তাহ ধৰি চিকিৎসাধিন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে।
তেওঁ শতবৰ্ষ গৰকা নতুন ভোগবাৰী শ্ৰীশ্ৰী দীঘলী সত্ৰখনৰ সত্ৰাধিকাৰ আছিল আৰু অসম সত্ৰ মহাসভাৰ লগত কাৰ্যনিৰ্বাহ কৰিছিল। জীৱনকালত পয়াত মহন্তই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ আদৰ্শ তথা সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অমূল্য অৱদান আগবঢ়াই থৈ গৈছে। নগাওঁ মৰিগাওঁ জিলাৰ সত্ৰীয়া সমাজ জীৱনলৈ আগবঢ়োৱা অনবদ্য সেৱাৰ স্বীকৃতি স্বৰূপে তেওঁক 'বিভিন্ন বঁটা'ৰে সন্মানিত কৰা হৈছিল।
আজি পুৱা তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ ৰাজ্যৰ লগতে বিভিন্ন সত্ৰ-নামঘৰ আৰু সাংস্কৃতিক অনুষ্ঠানসমূহত শোকৰ ছাঁ পৰে। শংকৰী সাহিত্য, অংকীয়া ভাওনা আৰু সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰত তেওঁ বিশেষ অৱদান আগবঢ়াইছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী হেমলতা মহন্ত আৰু জ্যেষ্ঠ পুত্ৰ তথা অসম আৰক্ষীৰ বিষয়া প্ৰমোদ মহন্ত কনিষ্ঠ পুত্ৰ নবীন চন্দ্ৰ মহন্ত সহ দুগৰাকী পুত্ৰ, দুগৰাকী জীয়ৰী সহ নাতি নাতিনী এৰি থৈ যায়।
অসম সত্ৰ মহাসভাই সত্ৰাধিকাৰ লীলা কান্ত দেৱ মহন্তুৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। অসম সত্ৰ মহাসভাৰ সভাপতি জীতেন্দ্ৰ নাথ প্ৰধানী কাৰ্যকৰী সভাপতি ভবানন্দ গোস্বামী আৰু সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্তই কয় যে ব্ৰজাৱলী ভাষা, নৱবৈষ্ণৱ ধৰ্ম আৰু সত্ৰীয়া সংস্কৃতিৰ এগৰাকী মহান পণ্ডিত হিচাপে পৰিচিত আছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তেখেতে ওৰেটো জীৱন সত্ৰীয়া কলা-সংস্কৃতি, সাহিত্য আৰু আধ্যাত্মিক দৰ্শনৰ প্ৰচাৰ তথা প্ৰসাৰৰ বাবে নিজকে উৎসৰ্গা কৰিছিল।
সত্ৰীয়া নৃত্য, গীত-বাদ্য, ভাওনা আৰু শাস্ত্ৰীয় চৰ্চাৰ ক্ষেত্ৰত তেখেতৰ পাণ্ডিত্য আৰু অৱদান অসমীয়া সমাজ জীৱনৰ বাবে চিৰস্মৰণীয় হৈ ৰ'ব। তেখেতৰ বিয়োগত অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক জগতত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি হ'ল।
অসম সত্ৰ মহাসভাৰ তৰফৰ পৰা পুণ্যাত্মাৰ চিৰশান্তি কামনা কৰি পৰম পিতা ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ, ভকত-বৈষ্ণৱ তথা অগণন শিষ্য-প্ৰশিষ্যসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। আনহাতে সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট পণ্ডিত, সাধক তথা সত্ৰাধিকাৰগৰাকীৰ মহাপ্ৰয়াণত সমগ্ৰ মধ্য অসমতে গভীৰ শোকৰ ছাঁ পৰিছে।
আজি পুৱাৰ ভাগত প্ৰয়াত সত্ৰাধিকাৰজনৰ নশ্বৰ দেহ লৈ নগাঁও আৰু মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলত এক বিশাল তথা দীঘলীয়া শোক শোভাযাত্ৰা উলিওৱা হয়। পৰম্পৰাগত গায়ন-বায়ন, খোল-তাল আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত এই শোভাযাত্ৰাত দুই জিলাৰ অসংখ্য ভকত-বৈষ্ণৱ, গুণমুগ্ধ তথা স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।
শোকাকুল পৰিৱেশত অঞ্চলটোৰ বিভিন্ন স্থানত বহু লোকে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছত দুপৰীয়াৰ ভাগত সহস্ৰাধিক লোকৰ উপস্থিতিত সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতি আৰু মৰ্যাদাৰে তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। তেখেতৰ বিয়োগত সত্ৰীয়া সমাজ তথা সাংস্কৃতিক ক্ষেত্ৰখনত এক অপূৰণীয় ক্ষতি হ’ল বুলি বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰিছে।
