ৰাষ্ট্ৰীয় মানচিত্ৰবিদ্যা সংস্থাৰ অধিবেশনত ডঃ অৱনী কুমাৰ ভাগৱতী


 

ভাৰতৰ ৰাষ্ট্ৰীয় মানচিত্ৰবিদ্যা সংস্থাৰ ৪৬ সংখ্যক অধিবেশনখন তিনিদিনীয়া কাৰ্যসূচীৰে ভূগোল বিভাগৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয়। সেই উপলক্ষে  আয়োজিত বিশেষ স্মাৰক বক্তৃতানুষ্ঠানত অংশ গ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অৱনী কুমাৰ ভাগৱতীয়ে প্ৰখ্যাত ভূগোলবিজ্ঞানী শিৱ প্ৰসাদ মুখাৰ্জীব সোঁৱৰণত আয়োজিত বক্তৃতা প্ৰদান কৰে  ।  

বক্তৃতাৰ বিষয় আছিল  From Meghalaya to the Himalayas : Geography of the Land of Seven Sisters।  এইখিনিতে প্ৰণিধানযোগ্য যে কলিকতা বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ প্ৰতিষ্ঠাপক  অধ্যাপক চেটাৰ্জীয়ে তেখেতৰ ভূতাত্ত্বিক গৱেষণাগ্ৰন্থত  পূৰ্বৰ গাৰো-খাছী-জয়ন্তীয়া পাহাৰ জিলাক মেঘালয় নামেৰে অভিহিত কৰিছিল।  

১৯৭২ চনত এই জিলাই ৰাজ্যৰ স্বীকৃতি লাভ কৰাত  অধ্যাপক চেটাৰ্জীয়ে প্ৰদান কৰা নামকে সৰ্বসন্মতিক্ৰমে ৰাজ্যখনৰ নাম হিচাপে গ্ৰহণ কৰা  হয় ।  অসমত ভূগোল শিক্ষাৰ বিকাশতো অধ্যাপক চেটাৰ্জীয়ে উল্লেখনীয় সহায়- সহযোগ আগবঢাইছিল ।

দেশ-বিদেশৰ প্ৰায় তিনি শতাধিক প্ৰতিনিধিক  উদ্দেশ্যি প্ৰদান কৰা স্মাৰক ভাষণত  ডঃ ভাগৱতীয়ে  উত্তৰ-পূৰ্বাঞ্চলৰ  ইতিহাস, প্ৰকৃতি, পৰিৱেশ, বিশেষকৈ নদ-নদী,  আৰু সমাজ-সংস্কৃতিৰ ওপৰত উপযুক্ত চিত্ৰসহ  বিতংকৈ আলোকপাত কৰে । ভাষণ প্ৰসংগত তেখেতে অঞ্চলটোৰ  প্ৰাকৃতিক- জৈৱিক-সামাজিক বৈচিত্ৰ আবু ইয়াৰ অনুকৰণীয় সাংস্কৃতিক সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি অঞ্চলটোৱে সম্প্ৰতি সন্মুখীন হোৱা  সমস্যাসমূহৰ বিষয়ে স্থানীয উদাহৰনসহ আলোচনা কৰে ।  

অঞ্চলটোৰ প্ৰকৃতি-পৰিৱেশ দেশখনৰ অন্যান্য অঞ্চলৰ   তুলনাত  যে যথেষ্ট সুকীয়া তাৰ ওপৰতো ডঃ ভাগৱতীয়ে ভৌগোলিক পৰ্যালোচনা আগবঢ়ায়  ।  অঞ্চলটোৱে সন্মুখীন হৈ অহা  ভয়াবহ বান , খহনীয়া, ভূমিস্খলন, সাময়িক খৰাং আদি সমস্যাৰ প্ৰতিও তেখেতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ।

মানুহ আবু বন্যপ্ৰাণীৰ মাজত  বাঢ়ি অহা সংঘৰ্ষৰ কথা উল্লেখ কৰি সাম্প্ৰতিক সময়ত  বান্দৰ আৰু কেৰ্কেটুৱাই কেনেকৈ অসমৰ  গঞা ৰাইজৰ  জীৱন-জীৱিকা দুৰ্বিষহ কৰি তুলিছে  তাকো তথ্যসহ উল্লেখ কৰে । শেষত  উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাঙ্গীন উন্নয়নৰ হকে অঞ্চলটোৰ স্থানীয় পৰিৱেশ-পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যে  বিশেষ ধৰণৰ  বাস্তৱধৰ্মী পৰিকল্পনা আৰু বহণীয় উন্নয়ন প্ৰকল্পৰ প্ৰযোজন আছে তাৰ  ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে ।

Post a Comment

Previous Post Next Post