আঘোণ পথাৰত ব্যস্ত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ

 


অসমৰ কৃষিভিত্তিক সমাজ-সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ হৈছে ধান কটা পৰ্ব। কৃষকৰ নিৰলস পৰিশ্ৰম, মাটিৰ সুবাস আৰু গ্ৰাম্য জীৱনৰ সৰলতাৰে সমৃদ্ধ এই পৰম্পৰাক জীয়াই ৰখাৰ উদ্দেশ্যে শুকুৰবাৰে চৰাইদেউ জিলাৰ সোণাৰিৰ ১ নং কঠিয়াখুন্দা গাঁৱত ধৰ্মেশ্বৰ কোঁৱৰে ধান কটা অনুষ্ঠান অংশগ্ৰহণ কৰে।

উক্ত অনুষ্ঠানত কৃষক ৰাইজৰ সৈতে একেলগে পথাৰত নামি ধান কটাত অংশগ্ৰহণ কৰি বিধায়কগৰাকীয়ে অসমৰ কৃষক সমাজৰ কঠোৰ পৰিশ্ৰম, ত্যাগ আৰু কৃষিৰ সৈতে জড়িত চহকী পৰম্পৰাৰ প্ৰতি সন্মান জ্ঞাপন কৰে। 

তেওঁ কয় যে- কৃষি কেৱল জীৱিকাৰ মাধ্যমেই নহয়, ই অসমৰ গ্ৰাম্য সমাজ, সংস্কৃতি আৰু পৰিচয়ৰ এক গুৰুত্বপূৰ্ণ আধাৰ। এনে পৰম্পৰাগত উৎসৱে নতুন প্ৰজন্মক নিজৰ শিপা, কৃষি আৰু গ্ৰাম্য সংস্কৃতিৰ সৈতে সংযুক্ত কৰি ৰখাৰ লগতে সামাজিক ঐক্য আৰু সম্প্ৰীতিৰ এনাজৰীডালো অধিক সুদৃঢ় কৰে।

Post a Comment

Previous Post Next Post