ভাৰতীয় বায়ুসেনাৰ জাগুৱাৰ যুদ্ধ বিমান এখন ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে। মঙলবাৰে ৰাজস্থানৰ চুৰু জিলাৰ ভানুদা গাঁৱৰ সমীপত যুদ্ধ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি প্ৰতিৰক্ষা সূত্ৰই নিশ্চিত কৰিছে।
ৰাতংগৰ অঞ্চলত সংঘটিত হোৱা এই ঘটনাৰ লগে লগে স্থানীয় কৰ্তৃপক্ষই তাৎক্ষণিকভাৱে তৎপৰতা অৱলম্বন কৰিছে। প্ৰত্যক্ষদৰ্শীৰ মতে, দুৰ্ঘটনাস্থলীত তেওঁলোকে এটা মৃতদেহো প্ৰত্যক্ষ কৰিছিল।
প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, বিমানখন ওচৰৰ পথাৰত ভূপাতিত হোৱাৰ পূৰ্বে বায়ুমণ্ডলত ভাৰসাম্যহীন হৈ পৰা দেখা গৈছিল। ততাতৈয়াকৈ, ৰাজলদেশৰ আৰক্ষী থানাৰ এটা দল দুৰ্ঘটনা সংঘটিত হোৱা স্থানত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। দুৰ্ঘটনাটোত পাইলটসহ আৰু এগৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।