ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা, অসমে আজি বিশ্ব ক্ৰীড়া সাংবাদিক দিৱস উপলক্ষে ৰাজ্যৰ ক্ৰীড়া সাংবাদিক ক্ষেত্ৰৰ পুৰোধা, পথিকৃৎ প্ৰেমধৰ শৰ্মাক আন্তৰিক ওলগ আৰু সেৱা জনোৱাৰ লগতে তেওঁৰ আশীৰ্বাদ গ্ৰহণ কৰে। বিশিষ্ট সমাজকৰ্মী, ক্ৰীড়া সংগঠক তথা ক্ৰীড়া ধাৰাভাষ্যকাৰগৰাকী বিগত প্ৰায় ছমাহধৰি মহানগৰীৰ পাণবজাৰস্থিত নিজা বাসভৱনত শয্যাশায়ী হৈ আছে।
বুধবাৰে ক্ৰীড়া সাংবাদিক কল্যাণ সন্থাৰ হৈ সভাপতি পুলিন সাহা, সাধাৰণ সম্পাদক পবিত্ৰ গগৈৰ নেতৃত্বত যোৱা উপ-সভাপতি ৰাজেশ সিং গল্ডি, যুটীয়া সম্পাদক হিলদুল গগৈ, সহকাৰী সম্পাদক অনিৰুদ্ধ যাদৱ সমন্বিতে সঁজাতী দলটোৱে দিনৰ ভাগত তেওঁৰ বাসগৃহত উপস্থিত হৈ স্বাস্থ্যৰ বুজ লোৱাৰ উপৰি সন্থাৰ তৰফৰ পৰা আদৰ জনোৱা লগতে উপহাৰ প্ৰদান কৰে।এই বিশেষ দিনটোতে আজীৱন মূল্যবোধসম্পন্ন ক্ৰীড়া সাংবাদিকতাক প্ৰশ্ৰয় দিয়া প্ৰবীণ ক্ৰীড়া সাংবাদিক শৰ্মাৰ আশু-আৰোগ্য কামনা কৰাৰ লগতে অসম চৰকাৰক তেওঁৰ উন্নত চিকিৎসাৰ দিশত বিশেষ দৃষ্টি প্ৰদান কৰিবলৈ আহবান জনায় ক্ৰীড়া সাংবাদিক সংগঠনটোৱে।