বায়ু প্ৰদূষণৰ বিৰুদ্ধে বৃহৎ পদক্ষেপৰ অংশস্বৰূপে ১ জুলাইৰ পৰা দিল্লীত কাৰ্যকৰী হৈছে চৰকাৰৰ শেহতীয়া নিয়ম। যাৰ ফলত হাজাৰ হাজাৰ বাহনৰ মালিকে নিজৰ পুৰণি গাড়ীসমূহ মূল দামতকৈ এক ক্ষুদ্ৰ অংশত বিক্ৰী কৰাৰ বাদে আন কোনো বিকল্প নোহোৱা হৈছে।
নতুন নিয়ম অনুসৰি, এতিয়া তেল ডিপোসমূহে ১৫ বছৰৰ ওপৰৰ পেট্ৰ’ল বাহন আৰু ১০ বছৰৰ ওপৰৰ ডিজেল বাহনক ইন্ধন দিব নোৱাৰিব। বায়ুৰ গুণাগুণ ব্যৱস্থাপনা আয়োগৰ আদেশৰ ভিত্তিত কাৰ্যকৰী হোৱা এই নিৰ্দেশনাই দিল্লীত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
এই সময়তে এক আকৰ্ষণীয় ঘটনা পোহৰলৈ আহিছে। মানি কন্ট্র’লৰ খবৰ অনুসৰি, দিল্লীৰ বাসিন্দা বৰুণ বিজ নামৰ লোকজনে নিজৰ প্ৰিয় মাৰ্চিডিজ গাড়ীখন পানীৰ দামত বিক্ৰী কৰিবলগীয়া হয়। ২০১৫ চনত ৮৪ লাখ টকাত ক্ৰয় কৰিছিল Mercedes-Benz ML350 বাহনখন। এই বাহনখন এতিয়া মাত্ৰ ২.৫ লাখ টকাত বিক্ৰী কৰিবলগীয়া হয়, যিটো মূল দামৰ তুলনাত ৩ শতাংশতকৈও কম।
তেওঁ কয়, ‘‘এয়া কেৱল এখন গাড়ীয়ে নাছিল, আমাৰ পৰিয়ালৰ এক অংশ আছিল।’’ - আৱেগিক হৈ এইদৰে কয় লোকজনে। তেওঁ কয়, ‘‘আমি বছৰ বছৰ ধৰি উইকেণ্ড ড্ৰাইভত লৈ গৈছিলো, প্ৰতি সপ্তাহত সাতৰ পৰা আঠ ঘণ্টা পথ অতিক্ৰম কৰি আমাৰ ল’ৰাটোক হোষ্টেলৰ পৰা ঘূৰাই আনিবলৈ গৈছিলো। এই গাড়ীখনৰ সৈতে বহু স্মৃতি জড়িত হৈ আছে।’’মাত্ৰ ১ লাখ ৩৫ হাজাৰ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰা বাহনখনৰ অৱস্থা খুবেই ভাল বুলি কয় তেওঁ। নিয়মীয়া ছাৰ্ভিচ আৰু টায়াৰ সলনিৰ বাদে কোনো ডাঙৰ সমস্যা নাছিল বাহনখনৰ। কিন্তু নতুন নিয়মৰ পৰা সাৰি যাব নোৱাৰিলে মৰমৰ বাহনখন।
পঞ্জীয়ন নবীকৰণৰ কোনো বিকল্প নথকা বাবে আৰু একেবাৰে কম মূল্যতো কোনোৱে গাড়ীখন ক্ৰয় কৰিবলৈ ইচ্ছুক নোহোৱা বাবে হেঁচাত পৰি গাড়ীখন বিক্ৰী কৰিবলগীয়া হয় বুলি ভিজে উল্লেখ কৰে।