Ahmedabad Air Crash: বিমান দুৰ্ঘটনাত নিহত ১৯গৰাকী লোকৰ দেহাৱশেষৰ শেষকৃত্য সম্পন্ন কৰিলে গুজৰাট চৰকাৰে


 

১২ জুনত আহমেদাবাদত সংঘটিত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত নিহত ১৯গৰাকী লোকৰ শৰীৰৰ অংগৰ অন্তিম সৎকাৰ সম্পন্ন কৰে আহমেদাবাদ অসামৰিক চিকিৎসালয়ে। ১২ জুনত এয়াৰ ইণ্ডিয়া এআই১৭১ বয়িং ৭৮৭ ড্ৰিমলাইনাৰ বিমানখন মেডিকেল কলেজৰ হোষ্টেল কমপ্লেক্সত দুৰ্ঘটনাগ্ৰস্ত হয় আৰু এজন যাত্ৰীৰ বাহিৰে বাকী সকলো যাত্ৰীৰ মৃত্যু হয়। ৰাজ্য চৰকাৰখনৰ অধীনস্থ চিকিৎসালয়খনৰ কৰ্তৃপক্ষই ঘোষণা কৰিছিল যে যোৱা ২৭ জুনত শেষৰজন ভুক্তভোগীৰ মৃতদেহ আত্মীয়ৰ হাতত গতাই দিয়া হৈছিল।


মৃতদেহ গতাই দিয়াৰ সময়ত চিকিৎসালয়খনে পৰিয়ালসমূহক জনাইছিল যে দুৰ্যোগৰ ভয়ানক স্বৰূপৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্ঘটনাস্থলীৰ পৰা পাছত শৰীৰৰ অধিক অংশ উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে। দুৰ্ঘটনাটোৰ চলি থকা তদন্তৰ লগতে স্থানৰ পৰা ধ্বংসাৱশেষ স্থানান্তৰিত হোৱাৰ সময়ত শৰীৰৰ অধিক অংশ আৱিষ্কাৰ কৰি চিনাক্তকৰণৰ বাবে ডি এন এ বিশ্লেষণৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি প্ৰকাশ কৰা হৈছে।বিবৃতিটোত কোৱা হৈছে যে, ‘‘যোৱা সপ্তাহত ৭টা পৰিয়ালে দ্বিতীয় Setৰ মৃতদেহ সংগ্ৰহ কৰাৰ বিপৰীতে ১৯টা পৰিয়ালে অসামৰিক চিকিৎসালয়ক শেষ ৰীতি-নীতি কৰাৰ অনুমতি দিছিল। এইদৰে ১৮গৰাকী হিন্দু ভুক্তভোগীৰ শেষ অনুষ্ঠান এটা শ্মশানত সম্পন্ন কৰা হৈছিল, আনহাতে এগৰাকী মুছলমান ভুক্তভোগীৰ অৱশিষ্ট কবৰস্থানত সমাধিস্থ কৰা হৈছিল।’’ ইয়াৰ পিছতে সবৰমতী নদীৰ নৰন ঘাটত হিন্দু ভুক্তভোগীসকলৰ চিতাভস্ম বিসৰ্জন দিয়া হয়। চিভিল হাস্পতালৰ অধীক্ষক, ফৰেনচিক মেডিচিনৰ HoD, চিকিৎসা বিষয়া, আৱাসিক চিকিৎসক, আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ উপস্থিতিত, DCP (Zone-4) কানন দেশাই আৰু অন্যান্য আৰক্ষী বিষয়াসকলৰ তত্বাৱধানত এই শেষকৃত্য সম্পন্ন হয়।

যোৱা ১২ জুনত আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ কিছু মুহূৰ্তৰ পাছতে মেঘনীনগৰৰ এটা হোষ্টেল কমপ্লেক্সত লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। সেই ভয়ংকৰ দুৰ্ঘটনাত অলৌকিকভাৱে ৰক্ষা পৰিছিল এজন যাত্ৰীৰ জীৱন।

Post a Comment

Previous Post Next Post