অসমত অবৈধ বাংলাদেশী আৰু বেদখলকাৰীৰ কব্জাৰ পৰা চৰকাৰী ভূমি উদ্ধাৰৰ বাবে চলি আছে ব্যাপক অভিযান। চলি আছে অসমত ব্যাপক হাৰত উচ্ছেদ অভিযান। এই অভিযানক লৈ এইবাৰ ৰাজনীতি কৰিব বিচাৰিলে চুবুৰীয়া পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ অসমত চলি থকা BJP চৰকাৰক সমালোচনা কৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভাষাৰ দোহাই দি অসমত বিভাজনৰ ৰাজনীতি শিপাবলৈ বিচাৰিলে ৷
অসমত ভাষিক বিদ্বেষ আনিবলৈ চেষ্টা কৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শনিবাৰে ছচিয়েল মিডিয়াৰ জৰিয়তে আৰম্ভ কৰিলে ৰাজনৈতিক পাশাখেল ৷ কিন্তু বংগৰ মুখ্যমন্ত্ৰী মমতাক উভতি ধৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ তলত উল্লেখ কৰা হ'ল পশ্চিমবংগ মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰা ভাষা বিদ্বেষী ৰাজনীতিৰ বাবে অনা অভিযোগ ৷ শেষত উল্লেখ কৰা হ'ল মমতা বেনাৰ্জীক অসমৰ মুখ্যমন্ত্ৰীয়ে দিয়া যোগ্য প্ৰত্যুত্তৰক।
দেশৰ দ্বিতীয় আটাইতকৈ বেছি কথিত ভাষা বাংলা, অসমৰো দ্বিতীয় আটাইতকৈ বেছি কথিত ভাষা। সকলো ভাষা আৰু ধৰ্মক শান্তিপূৰ্ণভাৱে সন্মান জনাই সহাৱস্থান কৰি নিজৰ মাতৃভাষাক ৰক্ষা কৰিব বিচৰা নাগৰিকসকলক ভাবুকি দিয়াটো বৈষম্যমূলক আৰু অসাংবিধানিক। অসমত বিজেপিয়ে এই বিভাজনকাৰী এজেণ্ডাৰ সকলো সীমা অতিক্ৰম কৰিছে আৰু অসমৰ লোকসকলে ইয়াৰ বিৰুদ্ধে যুঁজ দিব ৷ মই ভাষা আৰু পৰিচয়ৰ মৰ্যাদাৰ বাবে আৰু নিজৰ গণতান্ত্ৰিক অধিকাৰৰ বাবে যুঁজি থকা প্ৰতিজন নিৰ্ভীক নাগৰিকৰ সৈতে আছোঁ।”