ভোটাৰ তালিকা প্ৰস্তাৱিত সংশোধনীক লৈ নিৰ্বাচন আয়োগলৈ পত্ৰ হিতেশ দেৱ শৰ্মাৰ

 


নিৰ্বাচনৰ পূৰ্বে বিহাৰৰ দৰে অসমৰ ভোটাৰ তালিকাও সংশোধনীৰ সিদ্ধান্ত লৈছে নিৰ্বাচন আয়োগে। সম্প্ৰতি বিহাৰত চলি থকা ভোটাৰ তালিকাৰ সংশোধনীৰ সময়ত ব্যাপক হাৰত অবৈধ বিদেশীৰ নাম ধৰা পৰিছে। ইয়াৰ পিছতে অসমকে ধৰি নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যকেইখনতো ভোটাৰ তালিকা সংশোধনীৰ কাম আৰম্ভ কৰিব নিৰ্বাচন আয়োগে। আয়োগৰ এই সিদ্ধান্তৰ কথা অৱগত হোৱাৰ পিছতে নিৰ্বাচন আয়োগলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া তথা এনআৰচিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই।


অসমৰ ভোটাৰ তালিকাৰ প্ৰস্তাৱিত সংশোধনীক লৈ এনআৰচিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়কজনে সংশোধনী প্ৰক্ৰিয়া সন্দৰ্ভত পৰামৰ্শ আগবঢ়াইছে নিৰ্বাচন আয়োগক। উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত হোৱা এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়াৰ অভিজ্ঞালব্ধ জ্ঞানেৰে হিতেশ দেৱ শৰ্মাই এই পৰামৰ্শ আগবঢ়ায়। ১৯৭১ চনৰ ২৫ মাৰ্চক ভিত্তিবৰ্ষ হিচাপে লৈ অসমৰ ১৯৫১ চনৰ এনআৰচি উন্নীতকৰণ কৰা হৈছিল। এনআৰচিত যাতে অবৈধ বিদেশী নাগৰিকে নিজৰ নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰে, তাৰ বাবে মুখ্যতঃ দুটা প্ৰক্ৰিয়া অৱলম্বন কৰিছিল। প্ৰথমটো ‘বেক-এণ্ড ভেৰিফিকেশ্যন’ আৰু দ্বিতীয়টো ‘বংশ বৃক্ষ’ৰ জৰিয়তে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া। এনআৰচি উন্নীতকৰণৰ সময়ত এই দুই প্ৰক্ৰিয়া অৱলম্বন কৰা হৈছিল।


বেক-এণ্ড ভেৰিফিকেশ্যন’ হ’ল নাগৰিকে প্ৰদান কৰা তথ্য পৰীক্ষণ প্ৰক্ৰিয়া। এই পৰীক্ষণ প্ৰক্ৰিয়াত নাগৰিকে প্ৰদান কৰা তথ্যসমূহ স্কেন কৰি উৎসলৈ পঠিয়াই দিয়া হয়। সেই উৎসসমূহে তথ্যসমূহ পৰীক্ষা কৰি পুনৰ ওভতাই পঠিয়ায়। তাৰ আধাৰত নাগৰিকজনে দাখিল কৰা তথ্যৰ ওপৰত সিদ্ধান্ত লোৱা হয়। দ্বিতীয়টো প্ৰক্ৰিয়া হ’ল ‘বংশ বৃক্ষ’। এই প্ৰক্ৰিয়াত নাগৰিকজনে তেওঁৰ পিতৃ-মাতৃৰ নামৰ লগতে পৰিয়ালৰ সকলো লোকৰ তথ্য দাখিল কৰিব লাগে। প্ৰতিজন লোকে দাখিল কৰা তথ্যৰ আধাৰত সিদ্ধান্ত গ্ৰহণ কৰা হয়। কোনো লোকে যদি তেওঁলোকৰ পৰিয়ালত আন লোকৰ অজ্ঞাতে কোনো বিদেশী নাগৰিকৰ নাম অন্তৰ্ভুক্তও কৰে, তেতিয়া আন লোকসকলে দাখিল কৰা তথ্যৰ সৈতে পৰীক্ষা কৰি কোনো সিদ্ধান্তত উপনীত হ’ব পৰা যায়। আনকি ‘বেক-এণ্ড ভেৰিফিকেশ্যন’ৰ তথ্য আৰু বংশ বৃক্ষৰ তথ্য এনআৰচিৰ সঞ্চালকালয়ত মজুত থকা বুলিও পত্ৰখনত উল্লেখ কৰে হিতেশ দেৱ শৰ্মাই।

Post a Comment

Previous Post Next Post