জম্মু-কাশ্মীৰত ভাৰতীয় সেনাৰ ‘অপাৰেচন মহাদেৱ’ত পেহেলগাম কাণ্ডৰ মাষ্টাৰমাইণ্ড


 

'অপাৰেচন মহাদেৱ' শীৰ্ষক এক সন্ত্ৰাসবাদ বিৰোধী অভিযানত ভাৰতীয় সেনাৰ বিশেষ বাহিনীয়ে আজি পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাছিম মুছা ওৰফে ছুলেমান মুছাক হত্যা কৰে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী হাছিম মুছাক কেইবা সপ্তাহ ধৰি কৰা সমন্বিত চোৰাংচোৱাৰ প্ৰচেষ্টাৰ পিছত এই গোপন অভিযানত হত্যা কৰা বুলি নিশ্চিত কৰে ভাৰতীয় সেনাই।

জম্মু-কাশ্মীৰৰ ডাচিগামৰ সমীপৰ হাৰৱানৰ ঘন বনাঞ্চলত সোমবাৰে ভাৰতীয় সেনাৰ সৈতে হোৱা এক গুলীচালনাত তিনিজন সন্ত্ৰাসবাদী নিহত হয়। সেনাবাহিনীৰ শ্ৰীনগৰস্থিত চিনাৰ কৰ্পে এক্সত পোষ্ট কৰি কয় যে, "প্ৰচণ্ড গুলীচালনাত তিনিজন সন্ত্ৰাসবাদীক হত্যা কৰা হৈছে। অপাৰেচন অব্যাহত আছে।"
পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰৰ সন্ত্ৰাসবাদীক হত্যাৰ বাবে ব্যাপক নিৰাপত্তা অভিযান চলোৱাৰ সময়তে এই এনকাউণ্টাৰ সংঘটিত হয়। যোৱা এমাহত সংগ্ৰহ কৰা চোৰাংচোৱাৰ তথ্যই ইংগিত দিছিল যে ইয়াৰ লগত জড়িত কিছুমান সন্ত্ৰাসবাদীয়ে হয়তো শ্ৰীনগৰ চহৰৰ মাজমজিয়াৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ডাচিগাম অঞ্চলৰ ফালে আগবাঢ়িছে।
সন্ত্ৰাসবাদীসকলক কেনেকৈ ট্ৰেচ কৰা হ'ল?
বিগত ২২ এপ্ৰিলৰ পেহেলগাম আক্ৰমণৰ পিছৰে পৰা নিৰাপত্তা তদাৰক কৰা এটা যোগাযোগ যন্ত্ৰৰ পৰা ডাচিগামৰ আত্মগোপন স্থানৰ সন্ধানৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছিল। শীৰ্ষ নিৰাপত্তাৰক্ষীৰ সূত্ৰই CNN-News18ক জনোৱা মতে, দুদিন পূৰ্বে এই ডিভাইচৰ পৰা কৰা এটা সন্দেহজনক কলে নিৰাপত্তা গ্ৰীডৰ ভিতৰত তৎক্ষণাত ৰেড ফ্লেগছ আৰম্ভ কৰিছিল।

Post a Comment

Previous Post Next Post