পুৱতি নিশা গুৱাহাটীৰ শি
হৰণকাৰী দুৰ্ঘটনা সন্দৰ্ভত অৱশেষত মুখ খুলিলে জনপ্ৰিয় অভিনেত্ৰী নন্দিনী কাশ্যপে। দিছপুৰ থানাৰ চমনৰ পিছতে আজি পুৱা থানাত হাজিৰ হৈছিল অভিনেত্ৰীগৰাকী। সেইনিশাৰ ঘটনা সন্দৰ্ভত অভিনেত্ৰীগৰাকীৰ মন্তব্য গ্ৰহণ কৰে আৰক্ষীয়ে। দিছপুৰ আৰক্ষীৰ ঘটনা সন্দৰ্ভত মন্তব্য দিয়াৰ পিছতে সকলো কথা ক’লে অভিনেত্ৰী নন্দিনী কাশ্যপে।
উল্লেখ্য যে নন্দিনী কাশ্যপ গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছিল ছমিউল হক নামৰ এজন যুৱক। গুৰুতৰভাৱে আহত যুৱকজন এতিয়াও চিকিৎসাধীন হৈ আছে।
অভিনেত্ৰী নন্দিনী কাশ্যপে কয় যে ‘‘আৰক্ষীয়ে দুৰ্ঘটনা সন্দৰ্ভত মোৰ পৰা গোটেই ঘটনাটো জানিব বিচাৰিছিল। মোৰ ষ্টেটমেণ্ট তেওঁলোকে সুধিলে। এইটো এটা দুৰ্ঘটনা। মই প্লেন কৰি অহা নাছিলো তেওঁৰ লগত যে এক্সিডেণ্ট হ’ব। সেই ল’ৰাটোক মই চিনি নাপাওঁ, সেই ল’ৰাটোৱে মোক চিনি নাপায়। এইটো এটা এক্সিডেণ্ট। এক্সিডেণ্ট কোনেও জানি শুনি নকৰে। মই এগৰাকী অভিনেত্ৰী। ওৰে নিশা কাম কৰো আমি। এনেকুৱা ঘটনা আমাৰ লগত হৈ থাকে। মই ৩দিন ধৰি ইয়াত আহি আছো। মোৰ অনুপস্থিতিত মোৰ দেউতা, খুড়া আহি আছে। মই পলাই যোৱা নাই। পলাই গ’লে মোক বিচাৰি নাপালেহেঁতেন। মই পলোৱা নাই। সেই ঘটনাৰ পিছত প্ৰথম আৰক্ষীক ফোন মই কৰিছো। ঘটনাস্থলীৰ পৰা মই ফোন কৰিছো। তেতিয়া আৰক্ষীয়ে মোক ঘৰলৈ যাবলৈ কৈছিল, পুৱা থানাত আহিব কৈছিল। আৰক্ষীৰ কথা মতে মই থানালৈ আহিলো। গাড়ী মই নিজে থানাত আনি দিছিলো।’’
অভিনেত্ৰী নন্দিনী কাশ্যপে আৰু কয় যে ‘‘বহুত নিশা হৈছিল। মই দক্ষিণগাঁৱৰ ফালৰ পৰা আহি আছিলো। মাজত এখন ট্ৰাক আছিল, সেই ৰাস্তাটো ঠেক ৰাস্তা। তাত কোনো গাড়ী অভাৰটেক কৰিব নোৱাৰে। মোৰ গাড়ীখন ১০০-১২০ চলাতো অসম্ভৱ। তাকো ট্ৰাকৰ পিছফালে। এয়া সম্পূৰ্ণ ভুল।’’
অভিনেত্ৰী নন্দিনী কাশ্যপে লগতে কয় যে ‘‘আমি সকলো মানুহ। মই সিদিনা থানালৈ আহিলো। আৰক্ষীয়ে গাড়ীখন চাইছিল আৰু কৈছিল এয়া সম্পূৰ্ণ এক্সিডেণ্ট। মই পিছদিনা হাস্পতাললৈ যাম বুলি সিদ্ধান্ত লৈছিলো। কিন্তু ৰাতিপুৱাই সামাজিক মাধ্যমত যি উত্তপ্ত পৰিস্থিতি সৃষ্টি হ’ল, মোৰ ওপৰত যি মিছা অভিযোগ অনা হ’ল, মই থমকি ৰ’লো। মই এগৰাকী ছোৱালী, তাত যদি মই অকলে যাওঁ, মোৰ লগত কি হয়। আজিকালি পৰিস্থিতি কি হয় সকৱেলো জানে। মই তেওঁলোকৰ লগত আছো। মই আৰক্ষীক তেওঁলোকক মাতিবলৈ কৈছিলো, আমি একেলগে বহি আলোচনা কৰিম। তেওঁলোকৰ পৰিয়ালৰ সৈতে মোৰ দেউতাই কথা পাতিছে। আমি এটা মীমাংসাত আহিছো। মই সহায়ত তেওঁলোকৰ সৈতে আছো।’’