‘অপাৰেচন সিন্দূৰ’ক লৈ লোকসভাত আলোচনা, ৰাজনাথ সিঙে ক’লে - ২২ মিনিটতে কাম শেষ কৰিছে সেনাই

 


অৱশেষত অপাৰেচন সিন্দূৰক লৈ আলোচনা আৰম্ভ হ’ল লোকসভাত। বিৰোধীৰ হুলস্থূলৰ মাজতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ভাষণেৰে আৰম্ভ হয় আলোচনা। ৰাজনাথ সিঙে কয়, ‘‘২২ মিনিটতে অভিযান শেষ কৰিছিল সেনাই। ১০০জনৰো অধিক সন্ত্ৰাসবাদীক শেষ কৰা হৈছে অপাৰেচন সিন্দূৰত।

সোমবাৰে অপাৰেচন সিন্দূৰক লৈ আলোচনাৰ দিনা পুৱা উত্তাল হৈ পৰে সংসদ। বিৰোধীৰ হুলস্থূলৰ বাবে দুপৰীয়া ২ বজালৈ স্থগিত ৰখা হয় লোকসভাৰ অধিৱেশন। তাৰ পিছত দুপৰীয়া ২ বজাত আলোচনা আৰম্ভ হয়।
জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতীয় সেনাৰ অপাৰেচন সিন্দূৰক লৈ দীৰ্ঘদিন ধৰি সংসদত আলোচনাৰ দাবী জনাই আহিছিল বিৰোধীয়ে। সেইমৰ্মে ঠিৰাং কৰা হয় যে সোমবাৰে লোকসভাত হ’ব ১৬ ঘণ্টাৰ আলোচনা। মঙলবাৰে আলোচনা হ’ব ৰাজ্যসভাত।কিন্তু সোমবাৰে লোকসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ পিছৰে পৰা হুলস্থূল আৰম্ভ কৰে বিৰোধী সাংসদসকলে। কথা আছিল দুপৰীয়া ১২ বজাত ৰাজনাথ সিঙৰ ভাষণেৰে আলোচনা আৰম্ভ হ’ব পাৰে। কিন্তু বিৰোধীৰ হুলস্থূলৰ বাবে অধ্যক্ষ ওম বিৰলাই প্ৰশ্ন কৰে, বিৰোধীয়ে সঁচাকৈ আলোচনা বিচাৰেনে নাই। তাৰ পিছতো হুলস্থূল নকমাত অধিৱেশন স্থগিত ৰখা হয় দুপৰীয়া ১ বজালৈ। তাৰ পিছতো বিক্ষোভ নকমাত ২ বজালৈ স্থগিত ৰখা হয় সদন। বিৰোধীৰ বিক্ষোভৰ ফলত স্থগিত ৰখা হৈছিল ৰাজ্যসভাৰ অধিৱেশনো।

Post a Comment

Previous Post Next Post