IAEAৰ এখন প্ৰতিবেদনৰ পাছতে ইৰাণত চলিছিল আক্ৰমণ, পৰমাণু বোমা নিৰ্মাণৰ পথত ইৰাণ


 

আন্তঃৰাষ্ট্ৰীয় আণৱিক শক্তি সংস্থাৰ সঞ্চালক প্ৰধানক গ্ৰেপ্তাৰ কৰি ফাঁচী দিয়াৰ দাবী জনাইছে ইৰাণে। Xযোগে এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই। ইৰাণৰ এই দাবী গ্ৰহণযোগ্য নহয় আৰু ইয়াক ধিক্কাৰ দিয়া উচিত বুলি মন্তব্য আমেৰিকাৰ বিদেশ মন্ত্ৰীৰ। লগতে আমেৰিকাই পাৰমাণৱিক পৰীক্ষণ আৰু নিৰীক্ষণক সমৰ্থন কৰে বুলি মন্তব্য কৰিছে মাৰ্কো ৰুবিঅ’ই।

আন্তঃৰাষ্ট্ৰীয় আণৱিক শক্তি সংস্থা বিশ্বৰ বিভিন্ন দেশৰ পাৰমাণৱিক সংস্থাসমূহে চলাই থকা পৰীক্ষা নিৰীক্ষাৰ ওপৰত চকু দি আহিছে। এই আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৰ কৰ্মী সকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই। আন্তঃৰাষ্ট্ৰীয় আণৱিক শক্তি সংস্থাৰ মুৰব্বী ৰাফেল গ্ৰছীয়ে ইৰাণে পুনৰ পাৰমাণৱিক প্ৰকল্পত ইউৰেনিয়াম পৰিশোধন কৰাৰ আশংকা কৰিছে। ইৰাণৰ পাৰমাণৱিক প্ৰকল্পত এতিয়াও ইউৰেনিয়াম পৰিশোধন কৰিব পৰাকৈ যন্ত্ৰপাতি, সা সৰঞ্জাম আছে আৰু তাৰ জৰিয়তে অতি সহজেই ইৰাণে ইউৰেনিয়াম পৰিশোধন কৰাৰ সন্দেহ কৰিছে আন্তঃৰাষ্ট্ৰীয় আণৱিক শক্তি সংস্থাৰ সঞ্চালক প্ৰধান ৰাফেল গ্ৰছীয়ে।
সঞ্চালক প্ৰধান ৰাফেল গ্ৰছীয়ে আশংকা কৰাৰ দৰে ইৰাণে যদি ইউৰেনিয়াম আহৰণ কৰিবলৈ সক্ষম হয় তেনেহ’লে পাৰমাণৱিক বোমা নিৰ্মাণ কৰিবলৈ সক্ষম হ’ব ইৰাণ। কেইমাহমানৰ ভিতৰতে ইৰানে সমৃদ্ধ ইউৰেনিয়াম উৎপাদন কৰাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰিছিল ৰাফেল গ্ৰছীয়ে। ইফালে ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে কয় যে পাৰমাণৱিক স্থানসমূহৰ ক্ষয়-ক্ষতিৰ পৰিমাণ গুৰুতৰ যদিও সবিশেষ জানিব পৰা হোৱা নাই এতিয়ালৈকে কিমান ক্ষতি হৈছে প্ৰকৃততে।

Post a Comment

Previous Post Next Post