অনিদ্ৰা-অনাহাৰে মৃত্যুৰ কোলাত ঢলি পৰিল ২০টি নিষ্পাপ শিশু





 মানৱতাৰ বধ্যভূমিত পৰিণত হৈছে গাজা। গাজাৰ চৌদিশে এতিয়া মৃত্যুৰ কিৰীলি। হামাছক শেষ কৰাৰ নামত ইজৰাইলে চলোৱা আক্ৰমণত তচনচ হৈ বহু নিৰীহ লোকৰ ভৱিষ্যৎ। হাজাৰ-হাজাৰ লোক গৃহহীন। অনিদ্ৰা-অনাহাৰে পাৰ কৰিছে দুৰ্বিষহ দিন। পিতৃ-মাতৃহীন নিষ্পাপ শিশুৰ কান্দোন এতিয়া গাজাৰ অলিয়ে-গলিয়ে। ইজৰাইল আৰু হামাছৰ মাজত দুমহীয়া যুদ্ধবিৰতিৰ বাবে আলোচনা চলি থকাৰ মাজতে বৃহস্পতিবাৰৰ নিশাৰে পৰা পেলেষ্টাইলৰ গাজাত ইজৰাইলে অব্যাহত ৰাখিছে ভংয়কৰ আক্ৰমণ।

ইজৰাইলৰ সেনা বিমান আক্ৰমণত প্ৰায় ২০টা নিষ্পাপ শিশুসহ প্ৰায় শতাধিক লোকৰ মৃত্যু হৈছে। তথ্য অনুসৰি গাজাৰ ডেইৰ অল বালাহৰ এখন হাস্পতালৰ আশ্ৰয় শিবিৰত খাদ্যৰ বাবে শাৰী পাতি আছিল কণ কণ শিশুসকলে। সেই সময়তে ইজৰাইলী সেনাই ভয়ংকৰ আক্ৰমণ চলালে হাস্পতালখনত। য’ত থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হ’ল ১৫ শিশুৱে। অতি পৰিতাপৰ কথা যে  অনিদ্ৰা-অনাহাৰে আছিল শিশুকেইটি। বহুদিনৰ মূৰত খাদ্য লাভ কৰাৰ আশাৰে শাৰী পাতি আছিল। কিন্তু খাবলৈ নাপায়ে মৃত্যু হ’ল দুৰ্ভগীয়া শিশুকেইটিৰ।
উল্লেখ্য যে হামাছক শেষ কৰাৰ হুংকাৰ দিয়া ইজৰাইলে গাজাত চলোৱা আক্ৰমণত বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। যাক সমগ্ৰ বিশ্বৰ মানৱ অধিকাৰ সংগঠনসমূহে একেমুখে ধিক্কাৰ দিছে। ইজৰাইলৰ এই আক্ৰমণক গণহত্যা আখ্যা দিছে মানৱ অধিকাৰ সংগঠনসমূহে। কিন্তু ইজৰাইল নাচোৰবান্দা। হামাছক শেষ কৰিবলৈ গৈ এফালৰ পৰা সকলো শেষ কৰি গৈছে ইজৰাইলে। উল্লেখ্য যে কিছুদিন পূৰ্বে এটা মানৱ অধিকাৰ সংগঠনে গাজাৰ এক উদ্বেগজনক তথ্য প্ৰকাশ কৰিছিল। মানৱ অধিকাৰ সংগঠনটোৰ তথ্য অনুসৰি বিগত বৰ্ষতে গাজাত খাদ্যৰ অভাৱত প্ৰায় ১০ হাজাৰ শিশুৰ মৃত্যু হৈছে।

Post a Comment

Previous Post Next Post