ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ অন্ত পৰাৰ কথা ঘোষণা কৰা হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যুদ্ধবিৰতিৰ কথা ঘোষণা কৰিছিল যদিও তথাপিও যুদ্ধবিৰতিক লৈ ৰহস্যৰ সৃষ্টি হৈছে। এফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতিৰ ঘোষণা হোৱা বুলি দাবী কৰাৰ বিপৰীতে ইৰাণে এই দাবীসমূহ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে। ইৰাণৰ বৈদেশিক মন্ত্ৰী ছৈয়দ আব্বাছ আৰাগচিয়ে স্পষ্ট কৰি দিয়ে যে এতিয়াও যুদ্ধবিৰতিৰ কোনো চুক্তি হোৱা নাই আৰু ইয়াৰ ওপৰত চূড়ান্ত সিদ্ধান্ত পৰৱৰ্তী সময়ত লোৱা হ’ব।
দৰাচলতে ড’নাল্ড ট্ৰাম্পে এক বিবৃতিত কয় যে ইৰাণ আৰু ইজৰাইলৰ মাজত শান্তি স্থাপনৰ বাবে এক ঐতিহাসিক চুক্তি কৰা হৈছে। যুদ্ধবিৰতিৰ বাবে সাজু ইৰাণ আৰু ইজৰাইল। ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰে যে ইৰাণ আৰু ইজৰাইলৰ মাজত সম্পূৰ্ণ আৰু চূড়ান্ত যুদ্ধবিৰতিৰ চুক্তি হৈছে। আগন্তুক ৬ ঘণ্টাৰ ভিতৰত যুদ্ধবিৰতি কাৰ্যকৰী হ’ব আৰু ২৪ ঘণ্টাৰ পিছত আনুষ্ঠানিকভাৱে যুদ্ধৰ অন্ত পৰিব।
ইৰাণৰ বৈদেশিক মন্ত্ৰীয়ে কি ক’লে?
অৱশ্যে ইয়াৰ পিছত ইৰাণেও এক বিবৃতি প্ৰকাশ কৰে। ইৰাণৰ বৈদেশিক মন্ত্ৰী আৰাগচিয়ে ‘X’ত এক বিবৃতি প্ৰকাশ কৰি ট্ৰাম্পৰ যুদ্ধ বিৰতিৰ দাবী নাকচ কৰে। ইৰাণৰ বৈদেশিক মন্ত্ৰী আৰাগচিয়ে কয় যে ‘ইৰাণে বাৰে বাৰে স্পষ্ট কৰি দিছে যে ইজৰাইলে ইৰাণৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছিল। এতিয়ালৈকে যুদ্ধবিৰতি বা সামৰিক কাৰ্যকলাপ বন্ধ কৰাৰ ক্ষেত্ৰত কোনো চুক্তি হোৱা নাই। আৰাগচিয়ে লগতে কয় যে যদি ‘ইজৰাইলে তেহৰাণৰ সময় অনুসৰি পুৱা ৪ বজাৰ ভিতৰত ইৰাণৰ জনসাধাৰণৰ বিৰুদ্ধে কৰা অবৈধ আগ্ৰাসন বন্ধ কৰে, তেন্তে ইৰাণে আৰু প্ৰতিশোধ নলয়। মন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ জনাই যে ইৰাণৰ সামৰিক কাৰ্যকলাপ বন্ধ কৰাৰ চূড়ান্ত সিদ্ধান্ত পৰৱৰ্তী সময়ত লোৱা হ’ব।
এই বক্তব্যৰ পৰা এটা কথা স্পষ্ট যে ইৰাণ তাৎক্ষণিক যুদ্ধবিৰতিৰ প্ৰতি আগ্ৰহী নহয়। ইৰাণে স্পষ্টকৈ কৈছে যে কাটাৰৰ অধ্যক্ষতাতহে যুদ্ধবিৰতি মানি ল’ব। আমেৰিকাৰ আধিপত্য ইৰাণ ভাল নাপায়। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে কথা নোপোৱাকৈ যুদ্ধবিৰতি ঘোষণা কৰিছিল নেকি? বহুতে অনুমান কৰিছে যে আকৌ এবাৰ ড’নাল্ড ট্ৰাম্পে খৰখেদাকৈ হয়টো নিজৰ বক্তব্য দিছে নতুবা এয়া এক কূটনৈতিক ভুল বুজাবুজিৰ সৃষ্টি হ’ব পাৰে। উল্লেখ্য যে মধ্যপ্ৰাচ্যত উত্তেজনা হ্ৰাস কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সকলো আগবাঢ়ি আহিছে।