প্ৰেমিক আৰু ঘনিষ্ঠ ভাতৃৰ সহযোগত ১৬ বছৰীয়া কিশোৰীয়ে প্ৰাণ কাঢ়িলে জন্মদাত্ৰী মাতৃৰ


 

পুনৰ সংঘটিত হৈছে প্ৰেমৰ নামত চাঞ্চল্যকৰ ঘটনা। প্ৰেমিক আৰু কনিষ্ঠ ভাতৃৰ সহযোগত ৩৯ বছৰীয়া মাতৃক হত্যা কৰাৰ অভিযোগ উঠিছে এগৰাকী ১৬বছৰীয়া কিশোৰীৰ বিৰুদ্ধে। আৰক্ষীয়ে সদৰী কৰা তথ্যানুসৰি, কিশোৰীগৰাকীয়ে প্ৰেমৰ সম্পৰ্কৰ বাবে মাতৃ অঞ্জলিৰ সৈতে প্ৰায়ে লিপ্ত হৈছিল প্ৰচণ্ড তৰ্কা-তৰ্কিত।মাতৃৰ সৈতে প্ৰায়েই সংঘাত হৈছিল কিশোৰীগৰাকীৰ। আৰু খঙৰ ভমকত ষোড়শী কিশোৰীগৰাকীয়ে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। মাতৃৰ বিৰুদ্ধে ক্ষুব্ধ হৈ কিশোৰীগৰাকীয়ে তেওঁৰ প্ৰেমিক পাগিলা শিৱ (১৯) আৰু ভাতৃ পাগিলা যশৱন্ত (১৮)ৰ সৈতে ষড়যন্ত্ৰ কৰি মাতৃৰ প্ৰাণহানি কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি মাতৃ অঞ্জলিক ডিঙি চেপি লোহাৰ ৰডেৰে মূৰত আঘাত কৰি প্ৰাণহানি কৰে কিশোৰীগৰাকীয়ে।


Post a Comment

Previous Post Next Post