আজি বিশ্বজুৰি উদযাপন কৰা হৈছে একাদশ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। এই উপলক্ষে সমগ্ৰ বিশ্বৰ মানুহে যোগাসন কৰিছে। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত এক বিশাল যোগ কাৰ্যসূচীৰ আয়োজন কৰা হয়। ডিঙিত গামোচা লৈ যোগৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা দেখা গ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণেও ‘যোগান্ধ্ৰ ২০২৫’ত অংশগ্ৰহণ কৰে। অনুষ্ঠানত যোগাসন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে যোগৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰি কয় যে বিশ্বজুৰি মানসিক চিন্তা আৰু অশান্তিৰ এই যুগত যোগাসন এটা ‘বিৰতিৰ বুটাম’।
অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ আৰ কে বিচত আয়োজিত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে কেৱল ভাৰতেই নহয়, সমগ্ৰ বিশ্বকে যোগাসন কেৱল ব্যক্তিগত অনুশীলন নহয়, বিশ্বব্যাপী অংশীদাৰিত্ব আৰু ৰাজহুৱা নীতিৰ অংশ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে কয়, ‘পৃথিৱীখনে কোনোবা নহয় কোনোবা উত্তেজনাৰ মাজেৰে পাৰ হৈ গৈছে। অশান্তি আৰু অস্থিৰতা বাঢ়িছে, এনে পৰিস্থিতিত যোগে আমাক শান্তিৰ দিশ দিয়ে। ই আমাক নিজৰ লগত ৰৈ, চিন্তা আৰু সংযোগ স্থাপনৰ সুযোগ দিয়ে। ই পৃথিৱীৰ বাবে এটা ‘বিৰতিৰ বুটাম’ হ’ব পাৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে লগতে আহ্বান জনায় যে, ‘আহক আমি এই যোগ দিৱসক ‘মানৱতাৰ বাবে যোগ ২.০’ৰ আৰম্ভণিৰ প্ৰতীক হিচাপে গঢ়ি তোলোঁ, য’ত আভ্যন্তৰীণ শান্তি আমাৰ বিশ্ব নীতি হৈ পৰে।’ কাৰ্যসূচীত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যোগ এতিয়া ভাৰতৰ সীমাৰ বহু দূৰলৈ বিয়পি পৰিছে। তেওঁ কয়, ‘চিডনী অপেৰা হাউচ হওক, এভাৰেষ্টৰ শৃংগ হওক বা সাগৰৰ ঢৌ হওক, সকলো ঠাইৰ পৰাই এই বাৰ্তা আহিছে যে যোগাসন সকলোৰে আৰু সকলোৰে বাবে।’ লগতে তেওঁ কয় যে যেতিয়া ভাৰতে ৰাষ্ট্ৰসংঘত ২১ জুনক যোগ দিৱস হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ দিছিল তেতিয়া ১৭৫খন দেশে কম সময়ৰ ভিতৰতে ইয়াক সমৰ্থন কৰিছিল। আজি ১১ বছৰৰ মূৰত যোগাসন বিশ্বৰ কোটি কোটি মানুহৰ জীৱনৰ অংগ হৈ পৰিছে।
প্ৰধানমন্ত্ৰী মোদীয়ে যোগক আত্ম-অনুশাসনৰ বাহিৰত সামাজিক চেতনা বুলি অভিহিত কৰে। তেওঁ কয়, ‘যোগ হৈছে ‘মোৰপৰা আমাৰ’ৰ দিশত এক যাত্ৰা। যেতিয়া এজন ব্যক্তিয়ে নিজৰ উৰ্ধত সমাজৰ কল্যাণৰ কথা চিন্তা কৰে, তেতিয়াহে সমগ্ৰ মানৱতাৰ কল্যাণ সম্ভৱ।’ বিশেষকৈ প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াত বিশেষভাৱে সক্ষম, যুৱক-যুৱতী আৰু বিজ্ঞানীসকলৰ কথা উল্লেখ কৰে। তেওঁ কয়, ‘আজি যোগ কোটি কোটি মানুহৰ জীৱনৰ অংগ হৈ পৰিছে। আমাৰ প্ৰতিবন্ধী বন্ধুসকলে ব্ৰেইলত যোগশাস্ত্ৰ পঢ়া দেখি গৌৰৱ অনুভৱ কৰো। বিজ্ঞানীসকলে মহাকাশত যোগাসন কৰে। প্ৰতিখন গাওঁতে যোগ অলিম্পিয়াডত অংশগ্ৰহণ কৰে যুৱ বন্ধু-বান্ধৱীয়ে। যিসকলে আজি ব্ৰেইলত যোগ পঢ়ে, মহাকাশত যোগাসন কৰে আৰু প্ৰতিখন গাঁৱতে যোগ অলিম্পিয়াডত অংশগ্ৰহণ কৰে।’
প্ৰধানমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু, উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ আৰু ৪০ খনতকৈও অধিক দেশৰ প্ৰতিনিধিয়ে এই ঐতিহাসিক অনুষ্ঠানত অংশগ্ৰহণ কৰে। ৩.১৯ লাখৰো অধিক লোকে একেলগে সাগৰৰ পাৰত যোগাসন কৰি এক নতুন অভিলেখ গঢ়িলে। অনুষ্ঠানত নিৰাপত্তা, প্ৰযুক্তি, পৰিচালনা আৰু অতিথিসকলক আদৰণি জনোৱাৰ পৰিকল্পনা আছিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ। যোগ দিৱসত সাগৰৰ ঢৌৰ পাৰত যেতিয়া হাজাৰ হাজাৰ লোকে একেলগে আসন কৰিছিল, তেতিয়া সেই দৃশ্যই বিশ্ববাসীক ক’বলৈ যথেষ্ট আছিল যে যোগ এতিয়া কেৱল এটা ব্যায়াম নহয়, বৰঞ্চ এক বিশ্ব চেতনাহে।