ইন্দোৰৰ ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ ৰহস্য এতিয়াও সম্পূৰ্ণৰূপে ভেদ হোৱা নাই। ইয়াৰ মাজতে দিল্লীত পোহৰলৈ আহিছে ৰাজা ৰঘুবংশীৰ দৰে আন এক হত্যাকাণ্ড। এইবাৰ সোনমৰ দৰে কাণ্ড সংঘটিত কৰিলে সিন্ধুৱে। পত্নী সিন্ধুৱে প্ৰেমিকৰ সৈতে মিলি স্বামীক হত্যা কৰি মৃতদেহ পেলাই দিলে পাহাৰীয়া অঞ্চলত। অভিযুক্ত পত্নী সিন্ধুৱে দিল্লী নিবাসী ৰবিন্দৰ কুমাৰক উত্তৰ প্ৰদেশত হত্যা কৰে আৰু মৃতদেহটো উত্তৰাখণ্ডলৈ লৈ গৈ পাহাৰৰ পৰা খাৱৈত পেলাই দিয়ে। কিন্তু আইনৰ পৰা সাৰি যাব নোৱাৰিলে আৰু সকলো কথা পোহৰলৈ আহিল।
আচলতে স্বামী ৰবিন্দৰ কুমাৰ দক্ষিণ দিল্লীৰ বাসিন্দা আছিল। দক্ষিণ দিল্লীৰ ৰাজোকৰী নিবাসী ৰবিন্দৰ কুমাৰৰ বয়স আছিল ৫৬ বছৰ। জুন মাহৰ আৰম্ভণিতে নিৰুদ্দেশ হৈছিল। তেওঁ ক’ত আছে কোনেও গম পোৱা নাছিল। কিন্তু ৫ জুনত উত্তৰাখণ্ডত আৰক্ষীয়ে এটা মৃতদেহ উদ্ধাৰ কৰাৰ পিছত সৃষ্টি হয় ৰহস্যৰ। পৰৱৰ্তী সময়ত মৃতদেহটো ৰবিন্দৰ কুমাৰৰ বুলি চিনাক্ত কৰা হয়। পোহৰলৈ আহিল পত্নী ৰীণা সিন্ধু আৰু তেওঁৰ প্ৰেমিক পৰিতোষে ৰচনা কৰা চাঞ্চল্যকৰ হত্যাৰ ষড়যন্ত্ৰৰ ৰহস্য।
সোনমৰ দৰেই আন এক কাণ্ড
টি অ’ আইৰ খবৰ অনুসৰি, উত্তৰাখণ্ড আৰক্ষীয়ে প্ৰেমৰ সম্পৰ্ক, সম্পত্তিৰ বিবাদ আৰু বৈবাহিক বিবাদৰ ষড়যন্ত্ৰৰ কথা ফাদিল কৰাৰ পিছত অভিযুক্ত পত্নী আৰু প্ৰেমিক দুয়োকে গ্ৰেপ্তাৰ কৰে। কোটদ্ৰৱাৰ সমীপৰ এটা খাৱৈত উদ্ধাৰ হয় ৰবিন্দৰ কুমাৰৰ মৃতদেহ। ইয়াৰ পিছত তেওঁৰ ব্যক্তিগত জীৱনৰ ৰহস্য প্ৰকাশ পায়। এফআইআৰৰ মতে, ২০ বছৰৰ বয়সৰ পাৰ্থক্য থকাৰ পিছতো ৰবিন্দৰ কুমাৰে সিন্ধুক বিয়া কৰাইছিল, আৰু শেহতীয়াকৈ সিন্ধু আন কাৰোবাৰ প্ৰেমত পৰিছিল।
কেনেকৈ প্ৰেমত পৰিল সিন্ধু
অভিযুক্ত পত্নী সিন্ধুৱে এটা ফিজিঅ’থেৰাপি চেণ্টাৰ চলায়। কেইবছৰমান আগতে চিকিৎসাৰ বাবে চেণ্টাৰলৈ অহা পৰিতোষ নামৰ লোকজনৰ সৈতে প্ৰেমত পৰিছিল সিন্ধু। মৃত স্বামী ৰবিন্দৰ কুমাৰে নিজৰ সম্পত্তিৰ পৰা প্ৰায় এক লাখ টকা ভাড়া উপাৰ্জন কৰিছিল। কিন্তু চেক বাউন্সৰ এক গোচৰত দোষী সাব্যস্ত হৈ ছমাহৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিবলগা হোৱাৰ পিছত তেওঁৰ জীৱন সলনি হৈ পৰে। ১৮ লাখ টকাৰ ঋণ পৰিশোধ কৰিবলৈ তেওঁ এটা সম্পত্তি বিক্ৰী কৰাৰ সিদ্ধান্ত লয়।
কিয় কৰিলে হত্যাৰ পৰিকল্পনা
যোৱা বছৰৰ পৰা ৰবিন্দৰ কুমাৰ আৰু সিন্ধুৰ মাজত বিভিন্ন বিষয়ক লৈ সঘনাই কাজিয়া আৰম্ভ হৈছিল। আৰক্ষীৰ তথ্য অনুসৰি, অভিযুক্ত পত্নীয়ে ৰবিন্দৰ কুমাৰক কোটি কোটি মূল্যৰ সম্পত্তি বিক্ৰী কৰাত বাধা দিবলৈ চেষ্টা কৰিছিল। কিছু মাহ পূৰ্বে অভিযুক্ত পত্নী সিন্ধু আৰু পৰিতোষে কুমাৰক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল যাতে কুমাৰৰ সম্পত্তি নিজৰ দখললৈ নিব পাৰে।
পাৰ্টীৰ চলেৰে মাতিছিল উত্তৰ প্ৰদেশলৈ
৩১ মে’ত সিন্ধুৱে পাৰ্টীৰ অজুহাতত উত্তৰ প্ৰদেশৰ নগিনাত থকা প্ৰেমিক পৰিতোষৰ ঘৰলৈ ৰবিন্দৰ কুমাৰক মাতিছিল। স্বামী ৰবিন্দৰ কুমাৰক সুৰাপান কৰাইছিল আৰু তাৰ পিছত দুয়োজনে বেলচাৰে ডিঙি-বুকুত প্ৰহাৰ কৰি হত্যা কৰে। আৰক্ষীৰ মতে, ‘প্ৰথমে মৃতদেহটো এছ ইউ ভিত ৰামনগৰলৈ লৈ যোৱা হয় আৰু তাৰ পিছত উত্তৰাখণ্ডৰ কোটদ্বাৰলৈ লৈ যোৱা হয়। পুৱতিনিশা দুগাড্ডাৰ সমীপত মৃতদেহটো পথৰ পৰা দলিয়াই পলায়ন কৰে অভিযুক্তই। পিছত নয়ডাৰ এটা চৌহদত থৈ দিয়ে গাড়ীখন।