ইৰান-ইজৰাইলৰ সংঘাতে ভাৰতীয় চাহৰ বজাৰলৈ আনিছে জটিলতা। ব্যাপক প্ৰভাৱ পৰিব অসমৰ পৰা চাহৰ ৰপ্তানিত। ইৰান-ইজৰাইলৰ সংঘাতৰ ফলত ৰাছিয়াৰ পিছতে ভাৰতীয় চাহৰ দ্বিতীয় বৃহত্তম বজাৰ ইৰানলৈ সকলো চাহৰ ৰপ্তানি স্তব্ধ হৈ পৰিছে। ইতিমধ্যে ভাৰতৰ পৰা ইৰানলৈ যোৱা চাহ এতিয়া মুম্বাইৰ নাভা-শ্বেভা বন্দৰত পৰি ৰৈছে।
ইৰানলৈ চাহ ৰপ্তানিৰ ক্ষেত্ৰত ২০২৩ চনত সফলতা লাভৰ পিছত ৰপ্তানিয়ে অভিলেখ গঢ়িবলৈ লোৱাৰ সময়তে হঠাৎ এই সমস্যা আহি পৰিছে। যোৱা বছৰ ইৰানলৈ ভাৰতীয় চাহ ৰপ্তানি পাঁচগুণ বৃদ্ধি পাই ৩১ নিযুত কিলোগ্রাম হৈছিল। ২০২২ চনত এই ৰপ্তানিৰ পৰিসংখ্যা আছিল ২২ নিযুত কিলোগ্রাম। ভাৰতৰ মুঠ চাহ ৰপ্তানিৰ ২০% অংশ ইৰানৰ হাতত আছে বুলি বিষয়াসকলে জনায়।
দেশৰ অন্যতম আগশাৰীৰ চাহ ৰপ্তানিকাৰী শ্বাহ ব্ৰাদাৰৰ অধ্যক্ষ শশীকান্ত শ্বাহে কয়, ‘‘প্রতিবছৰে আমি ইৰানলৈ ৫০ লাখ কেজি চাহ ৰপ্তানি কৰোঁ। কিন্তু যুদ্ধৰ বাবে ইৰানলৈ যোৱা জাহাজ চলোৱাৰ পথ সাময়িকভাৱে বন্ধ হৈ থকাৰ বাবে ১৪ জুনৰ পৰা চালান মুম্বাইৰ বন্দৰত পৰি আছে।’’ ভাৰতীয় চাহ সন্থাৰ অধ্যক্ষ হেমন্ত বাংগুৰে কয়, ‘‘ৰপ্তানিকাৰীসকলেও পৰিশোধৰ বিষয়ে নিশ্চিত নহয় বাবে চালান বন্ধ কৰি ৰাখিছে। ইৰানে প্রধানকৈ অসম, দার্জিলিত উৎপাদিত চাহ আমদানি কৰে। অসমৰ পৰাই সর্বাধিক ৮০ শতাংশ চাহ ৰপ্তানি কৰা হয় ইৰানলৈ। বাকীখিনি পশ্চিমবংগৰ পৰা ৰপ্তানি হয়। অর্থাৎ ইৰানলৈ চাহৰ ৰপ্তানিত জটিলতা আহি পৰাৰ বাবে সর্বাধিক ক্ষতিগ্রস্ত হ’ব অসমৰ চাহ খণ্ড।’’
উত্তৰ ভাৰতৰ চাহ ৰপ্তানিৰ কেন্দ্র কলকাতা। অসম আৰু দুৱাৰছত উৎপাদিত অর্থডক্স চাহৰ ইৰানত বৃহৎ বজাৰ আছে। তদুপৰি দার্জিলিং চাহৰ লগতে উচ্চমানৰ চি টি চি (ক্রাছ, টিয়াৰ আৰু কাল) চাহো ইৰানলৈ ৰপ্তানি কৰা হয়। অসমৰ চাহ ৰপ্তানি কৰাৰ পূর্বে কলকাতাত মিহলাই পেকেজ কৰা হয়। এই মন্তব্য কৰে ভাৰতীয় ক্ষুদ্র চাহ খেতিয়ক সস্থাৰ সভাপতি বিজয় গোপাল চক্রৱৰ্তীয়ে। মালবাহী ব্যয় আকাশলংঘী হোৱাৰ পূর্বে ৰপ্তানিকাৰীসকলে বাকী থকা অৰ্ডাৰ পূৰণত সমস্যাত পৰিছে বুলি উৎপাদন কোম্পানী স্মল টি গ্র’ৱাৰ্ছ এছচিয়েছনৰ সহ: প্রতিষ্ঠাপক অনিন্দ্য সেনগুপ্তাই কয়।
তেওঁ লগতে কয়, ‘‘ইৰানৰ আমদানিৰ পৰিমাণ ইতিমধ্যে হ্রাস পাইছে, আনহাতে যুদ্ধই পৰিস্থিতি বেয়ালৈ লৈ গৈছে। আমি এতিয়া ব্রিটেইন আক ইউৰোপৰ বজাৰত গুৰুত্ব দিছোঁ।’’