আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পিছতে ছিট নম্বৰ 11A



 আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পিছতে সকলোতকৈ চৰ্চিত বিষয় হৈছে ছিট নম্বৰ 11A । দুর্ঘটনাগ্ৰস্থ এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ এই বিশেষ ছিটটোৰ যাত্ৰী বিশ্বাস কুমাৰ ৰমেশৰ দৰেই ৰক্ষা পৰিছিল আন এগৰাকী যাত্ৰী। ১৯৯৮ চনত থাইলেণ্ডৰ গায়ক ৰুয়াংশা লয়চুকাকেও এক বিমান দুৰ্ঘটনাত ৰক্ষা পৰিছিল। বেংককৰ পৰা ভাৰতলৈ যোৱা থাই এয়াৰৱেজৰ টি জি ২৬১ বিমানখন স্থবিৰ হৈ জলাশয়ত ডুব গৈছিল। বিমানখনত থকা ১০১ জন লোকৰ মৃত্যু হৈছিল। কিন্তু কথমপি প্ৰাণ ৰক্ষা পৰিছিল ৰুয়াংশাৰ। তাৰ পাছত দহ বছৰ ধৰি আকৌ বিমানত উঠিবই পৰা নাছিল।

২৭ বছৰৰ পাছত এইবাৰ আকৌ একে আসন সংখ্যাৰ অলৌকিক ঘটনা। এইবাৰৰ স্থান ভাৰত। সৌভাগ্যৰ আসন 11A, যাত্ৰী কিন্তু অন্য। ২০২৫ চনৰ বিশ্ব কঁপাই যোৱা আহমেদাবাদৰ এয়াৰ ইণ্ডিয়াৰ বিমান AI171ৰ মৰ্মান্তিক দুৰ্ঘটনাৰ পিছত মাত্ৰ এজন যাত্ৰীহে অলৌকিকভাৱে জীৱিত অৱস্থাত ওলাই আহিছিল, তেওঁ হ’ল বিশ্বাস কুমাৰ ৰমেশ। আৰু তেওঁ ক’ত বহি আছিল জানেনে? আসন নম্বৰ 11A ত।


মৃত্যুৰ সৈতে যুঁজি ওলাই অহা দুজন যাত্ৰী। ৰুয়াংছাকে ভাৰতৰ এই ঘটনাৰ বিষয়ে জানিবলৈ পাই আবেগিক হৈ সামাজিক মাধ্যমত পোষ্ট কৰিলে : “ভাৰতত বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা সেই যাত্ৰীজন। তেওঁ মোৰ দৰে একে নম্বৰৰ আসনত বহিছিল। 11A… আৰু তাৰ পিছত তেওঁ লিখে: “কিন্তু জীৱন যুঁজত হাৰি যোৱা অন্য সকলোকে মোৰ সমবেদনা।” কি ধৰণৰ এই কাকতলীয়া ঘটনা কোনেও জনাৰ উপায় নাই। দুজন মানুহ, ২৭ বছৰৰ ব্যৱধানত, দুয়োজনেই অসম্ভৱৰ পৰা বাচি আহিছে - একে নম্বৰৰ আসনৰ পৰা।

Post a Comment

Previous Post Next Post