আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে দেশ কঁপাই যোৱা ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ নিত্যনতুন তথ্য। ৰাজা ৰঘুবংশীক হত্যা কৰি ইন্দোৰতে আত্মগোপন কৰি আছিল সোনম ৰঘুবংশী। ৰাজা হত্যাকাণ্ডৰ পাছতে ইন্দোৰত ১৪দিন আত্মগোপন কৰি আছিল সোনমে। ২৩ মে’ত ৰাজা ৰঘুবংশীক হত্যা কৰি ২৬ মে’ত শ্বিলঙৰ পৰা ইন্দোৰত উপস্থিত হৈছিল সোনম। প্ৰেমিক ৰাজ কুছৱাহাই দি পঠিওৱা বোৰ্খা পিন্ধি শ্বিলঙৰ পৰা টেক্সিৰে আহি গুৱাহাটীৰ ISBTত উপস্থিত হৈছিল সোনম। শিলিগুৰিৰ পৰা পুনৰ বাছেৰে পাটনালৈ গৈছিল সোনম।
তাৰ পাছত পাটনাৰ পৰা ৰে’লেৰে আৰালৈ, আকৌ আৰাৰ পৰা বাছেৰে লক্ষ্ণৌ পাইছিলগৈ সোনম। শেষত লক্ষ্ণৌৰ পৰা বাছেৰে পৰা নিজ চহৰ ইন্দোৰত গৈ উপস্থিত হৈছিল সোনম ইন্দোৰৰ দেৱাছ নাকাৰ সমীপৰ হীৰা বাগ কলনীত বাহৰ পাতি আছিল সোনম। ইন্দোৰত সোনমৰ বাবে পূৰ্বৰে পৰা ৰাজ আৰু বিশালে বন্দোবস্ত কৰি থৈছিল ফ্লেট। প্ৰতিমাহে ১৭ হাজাৰ টকাত ভাড়ালৈ লৈছিল ফ্লেটটো। ৩০ মে’ত ফ্লেটৰ মালিক ছিলম জেমছক একেলগে তিনি মাহৰ ভাৰা দিছিল বিশালে। ফ্লেটৰ মালিকক বিশাল ৰাথোড় বুলি পৰিচয় দিছিল বিশালে। ৰাজা হত্যাকাণ্ডৰ পাছত দীঘলীয়াকৈ G1 নম্বৰৰ ফ্লেটটোতে থকাৰ পৰিকল্পনা কৰিছিল স্বামীহন্তা সোনম ৰঘুবংশীয়ে। কিন্তু ১৪ দিন ফ্লেটটোতে থকাৰ পাছত গাজীপুৰলৈ গৈছিল সোনম।
প্ৰথমে ইন্দোৰৰ পৰা টেক্সিৰে গৈছিল বাৰাণসীলৈ। বাৰাণসীৰ পৰা বাছেৰে গৈ উপস্থিত হৈছিল গাজীপুৰত। ফ্লেটত সোনমৰ খোৱা-বোৱাৰ সকলো যোগান ধৰিছিল প্ৰেমিক ৰাজ কুছাৱাহাই। অনলাইনযোগে ৰাজে ৭ হাজাৰ টকাৰ সামগ্ৰী সোনমক ক্ৰয় কৰি দিছিল বুলি মেঘালয় আৰক্ষীৰ তথ্যত পোহৰলৈ আহিছে। ইপিনে, সোনম থকা অট্টালিকাটো নতুনকৈ নিৰ্মাণ কৰাৰ বাবে লগোৱা হোৱা নাছিল CCTV। সেয়ে স্বামীহন্তা চতুৰ সোনমে CCTV নথকা ঘৰটো বাচি লৈছিল। ইন্দোৰৰ ফ্লেটটোত থাকিয়েই সোনমে লক্ষ্য কৰিছিল আৰক্ষীৰ গতি-বিধি। ইতিমধ্যে বাৰাণসী বাছষ্টেণ্ডৰ CCTV পৰীক্ষা কৰিছে মেঘালয় আৰক্ষীয়ে।CCTVত দুজন যুৱকে সোনমক বাছত উঠাই দিয়াৰ দৃশ্য বন্দী হৈছে। নিশা ১১ বজাত গাজীপুৰলৈ যোৱা বাছত বহি আছিল সোনম। তাৰ পাছত এখন দোকানৰ পৰা ৪০ টকাৰে আমৰ ৰস কিনিছিল সোনমে। এই সকলোবোৰ প্ৰত্যক্ষ কৰিছিল সোনমৰ সৈতে একেখন বাছতে যাত্ৰা কৰা এগৰাকী যুৱতীয়ে। লগে লগে ৰাজাৰ ভাতৃ শচীন ৰঘুবংশীক যুৱতীগৰাকীয়ে খোন কৰি দিছিল খবৰ। তাৰ পাছত উত্তৰ প্ৰদেশৰ এটা পেট্ৰ’ল ডিপোৰ সমীপত দেখা পাইছিল সোনমক। আনহাতে, মেঘালয় আৰক্ষীৰ তদন্তত উন্মোচিত হৈছে আন এক চাঞ্চল্যকৰ তথ্য। ৰাজ কুছৱাহা আৰু সোনম ৰঘুবংশী হাৱালা ব্যৱসায়ীৰে জড়িতৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।