নিহত আৰক্ষীৰ পৰিয়ালে বীমা আঁচনিৰ অধীনত লাভ কৰিলে ৮০ লাখ টকা


 

স্বাক্ষৰিত চুক্তিৰ আধাৰত দুৰ্ঘটনাত নিহত আৰক্ষী বিষয়াৰ পৰিয়ালে ৮০ লাখ টকাৰ বীমা লাভ কৰিবলৈ সক্ষম হৈছে । মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত ৰাজ্য চৰকাৰ আৰু ষ্টেট বেংক অৱ ইণ্ডিয়া (State Bank of India)ৰ মাজত স্বাক্ষৰিত জীৱন বীমা আঁচনি ৰূপায়নৰ এনে প্ৰক্ৰিয়াই ৰাজ্যিক কৰ্মচাৰী তথা তেওঁলোকৰ পৰিয়ালৰ প্ৰতি আশাৰ বতৰা কঢ়িয়াইছে ।

উল্লেখ্য যে, গুৱাহাটীৰ ভঙাগড় আৰক্ষী থানাত কৰ্মৰত আৰক্ষী উপ-পৰিদৰ্শক অৰ্চনা দেৱী ২০২৪ চনৰ ৯ অক্টোবৰত এক দুর্ঘটনাত পতিত হৈছিল আৰু ২১ অক্টোবৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু ঘটিছিল । এই সন্দর্ভত অৰ্চনা দেৱীৰ মাতৃ ভূমিতা দেৱীয়ে আৰক্ষীৰ জীৱন বীমা আঁচনিৰ অধীনত এক কোটি টকা বিচাৰি মুখ্যমন্ত্ৰীলৈ আবেদন প্ৰেৰণ কৰিছিল ।মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত দুর্গত পৰিয়ালটোক সকাহ দিয়াৰ বাবে তৎপৰ পদক্ষেপ গ্রহণ কৰি এই ক্ষেত্ৰত প্রয়োজনীয় কার্য ব্যৱস্থা গ্রহণৰ নিৰ্দেশনা জাৰি কৰে । মুখ্যমন্ত্ৰী ড° শৰ্মাৰ নিৰ্দেশ মর্মে চৰকাৰ আৰু ষ্টেট বেংক অৱ ইণ্ডিয়াৰ মাজত স্বাক্ষৰিত জীৱন বীমা চুক্তিৰ আধাৰত সমগ্ৰ বিষয়টো নিষ্পত্তি কৰা হয় । সেই মর্মে যোৱা ২৬ মে’ত প্রয়াত অৰ্চনা দেৱীৰ মাতৃ ভূমিতা দেৱীক ষ্টেট বেংক অৱ ইণ্ডিয়াৰ তৰফৰ পৰা এই বীমা আঁচনিৰ অধীনত ৮০ লাখ টকা আদায় দিয়া হয় ।


Post a Comment

Previous Post Next Post