অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে মহানগৰ আৰক্ষী। অপৰাধীক পুলিয়ে-পোখাই উভালিবলৈ বদ্ধপৰিকৰ মহানগৰ আৰক্ষী। ২৪ ঘণ্টাত মহানগৰ আৰক্ষীৰ জালত পৰিল বাইক চোৰ, ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা জাল নোট সৰবৰাহকাৰীলৈ। ২৪ ঘণ্টাতে মহানগৰ আৰক্ষীৰ জালত পৰিল ৭ অভিযুক্ত।
দিছপুৰ আৰক্ষীৰ অভিযানত উৎখাত জাল নোট চক্ৰ। মহানগৰীত বাহৰ পাতি জালনোটৰ ব্যৱসায় কৰা চক্ৰ পুলিয়েই পোখাই উৎখাত কৰে আৰক্ষীয়ে। এদিন পূৰ্বে আৰক্ষীৰ জালত পৰিছিল বঙাইগাঁৱৰ চাটু পল নামৰ এটা সৰবৰাহকাৰী। ধৃত চাটু পলৰ পৰা স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে জব্দ কৰিছিল ৪ লাখ ৬ হাজাৰ টকাৰ জালনোট জব্দ কৰে।
ধৃত চাটু পলৰ স্বীকাৰোক্তিৰ ভিত্তিত পুনৰ জালুকবাৰীত চলিছিল অভিযান। এই অভিযানত ৪৫ লাখ ৬৬ হাজাৰ জালনোটসহ জালত পৰিল ৩ জাল নোটৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত তিনি জালনোট ব্যৱসায়ী ক্ৰমে ইছলাম আলী, ছাইফুল ইছলাম আৰু ছাহিল আলী। তিনি জালনোট ব্যৱসায়ীৰ পৰা জালনোট নিৰ্মাণ কৰা সামগ্ৰী, ইলেক্ট্ৰনিক ডিভাইচ জব্দ কৰে অভিযানকাৰী আৰক্ষীয়ে। ইছলাম আলীৰ ঘৰত অভিযান চলাওতে ৪ লাখ ৬০ হাজাৰ নগদ ধন, ৬ টা ম’বাইল, টকা গণনা কৰা মেছিন জব্দ কৰে দিছপুৰ আৰক্ষীয়ে।
আনফালে গুৱাহাটীত বশিষ্ঠ আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সৰবৰাহকাৰী। খানাপাৰা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী দুটাক। ৰিংকু কলিতা আৰু বিজয় দাস নামৰ ড্ৰাগছ সৰবৰাহকাৰী দুটাক গ্ৰেপ্তাৰ কৰে বশিষ্ঠ আৰক্ষীয়ে। এই অভিযানত ৮০ গ্ৰাম ড্ৰাগছ, নগদ ধন, ম’বাইল ফোন আৰু ৬৪ টা খালী কণ্টেইনাৰ জব্দ হয়।