মধ্যপ্ৰাচ্যত তৃতীয় বিশ্বযুদ্ধৰ দামামা বাজি থকাৰ মাজতে হঠাৎ আমেৰিকাক সকীয়নি চীনৰ। আমেৰিকাই হঠাতে ইৰাণৰ বিৰুদ্ধে আৰম্ভ কৰা ‘অপাৰেচন মিডনাইট হেমাৰ’ৰ পিছতে চীনে উভতি ধৰিছে আমেৰিকাক। ড’নাল্ড ট্ৰাম্পক সমালোচনা চীনৰ। অতীতৰ ভুলকে আমেৰিকাই পুনৰাবৃত্তি কৰাৰ আখ্যা চীন।
এই সকীয়নিৰ পিছতে ভয়ংকৰ যুদ্ধৰ দিশে গতি কৰিব পােৰ সমগ্ৰ বিশ্ব। আমেৰিকাই ১৫ দিনৰ ডেডলাইন দিয়াৰ মাজতে হঠাৎ ইৰাণৰ তিনিটাকৈ পাৰমাণৱিক প্ৰকল্পত হঠাৎ বি-2 ষ্টিলথ বিমানেৰে বাংকাৰ বাষ্টাৰ বোমাৰ জৰিয়তে ভয়ংকৰ আক্ৰমণ চলালে। এই আক্ৰমণৰ পিছতে অধিক অশান্ত হৈ পৰিছে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি। আমেৰিকাক দীৰ্ঘস্থায়ী পৰিণতিৰ হুংকাৰ ইৰাণৰ। ইয়াৰ পিছতে ৱাশ্বিংটন-নিউয়ৰ্কসহ গুৰুত্বপূৰ্ণ মাৰ্কিন চহৰসমূহত সতৰ্কতা জাৰি কৰিছে স্থানীয় প্ৰশাসনে।চীনে চৰকাৰী সংবাদ মাধ্যমৰ জৰিয়তে আমেৰিকাৰ বিমান আক্ৰমণক গৰিহণা দি ৱাশ্বিংটনে অতীতৰ কৌশলগত ভুলৰ পুনৰাবৃত্তি কৰিব পাৰে বুলি সকীয়াই দিয়ে।আমেৰিকাই ইৰাণৰ ওপৰত কৰা আক্ৰমণ মধ্যপ্ৰাচ্যৰ বাবে ‘বিপজ্জনক টাৰ্ণিং পইণ্ট’ বুলি অভিহিত কৰিছে।
ইতিমধ্যে ৰাছিয়াই ইৰাণ আৰু ইজৰাইলৰ যুঁজত আমেৰিকাক প্ৰৱেশ নকৰিবলৈ সকীয়াই দিছিল। ৰাছিয়াই আমেৰিকাক সকীয়াই কৈছিল যে ‘ইৰাণ আমাৰ বন্ধু ৰাষ্ট্ৰ। যদিহে আমেৰিকাই ইৰাণক আক্ৰমণ কৰে তেন্তে আমি হাত সাবতি বহি নাথাকো। তেহৰাণে সহায় বিচাৰিলে আমি আগবাঢ়ি যাম।’চীনে ২০০৩ চনৰ ইৰাক যুদ্ধৰ কথা উল্লেখ কৰি আমেৰিকাক সমালোচনা কৰিছে। চীনৰ অভিযোগ মধ্যপ্ৰাচ্যত আমেৰিকাৰ সামৰিক হস্তক্ষেপে পৰিস্থিতি পূৰ্বেও বেয়া কৰিছে। মধ্যপ্ৰাচ্যত আমেৰিকাৰ স্থিতিক লৈও সমালোচনা বেইজিঙৰ। ইৰাক, আফগানিস্তান আদি দেশত আমেৰিকাই দীৰ্ঘদিন সামৰিক হস্তক্ষেপ কৰিছিল। তাৰ পিছতেই দেখা দিছিল দীৰ্ঘদিনীয়া সংঘাতে। লাখ লাখ সাধাৰণ নাগৰিকে হেৰুৱাবলগীয়া হ’ল প্ৰাণ। পৰিণতি পোৱা গ’ল আঞ্চলিক অস্থিৰতা।