Donald Trump: ইৰাণ-ইজৰাইলৰ যুদ্ধ বিৰতিৰ কৰোৱাৰ পিছতে ড’নাল্ড ট্ৰাম্পে পালে ‘সৰ্বোচ্চ’ শক্তি!


 

বিশ্ব ৰাজনীতিত এজন প্ৰভাৱশালী মধ্যস্থতাৰ ৰূপত পৰিগণিত হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প বৰ্তমান। ইৰাণ-ইজৰাইল সংঘাতত যুদ্ধবিৰতি স্থাপন হোৱাৰ পিছত পুনৰ এবাৰ তেওঁ নিজৰ কূটনৈতিক সক্ষমতাৰ প্ৰমাণ দিছে। যদিও যুদ্ধবিৰতিৰ পিছতহে ট্ৰাম্পে আন এক গুৰুত্বপূৰ্ণ ক্ষমতা লাভ কৰিছে।

ৱাশ্বিংটন পোষ্টৰ প্রতিবেদন অনুসৰি, আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ট্ৰাম্প চৰকাৰক এটা বিশেষ অধিকাৰ প্ৰদান কৰিছে। এই বিশেষ অধিকাৰৰ জৰিয়তে আমেৰিকাত থকা কিছু প্ৰব্ৰজনকাৰীক তৃতীয় দেশলৈ বিতাড়িত কৰিব পাৰে।

অৱশ্যে এই সিদ্ধান্ত সাময়িকভাৱে নিম্ন আদালতে এই আদেশ বাতিল কৰিছিল। কোৱা হৈছিল যে প্ৰব্ৰজনকাৰীসকলে নিৰ্বাসনৰ পূৰ্বে নিজৰ আপত্তি জনাবলৈ সুযোগ পাব লাগে। ট্ৰাম্প প্রশাসনে ‘তৃতীয় দেশ বিতৰণ নীতি’ অনুসৰি, যিসকল প্ৰব্ৰজনকাৰীক জন্মভূমিলৈ পঠিয়াব নোৱাৰি, তেওঁলোকক তৃতীয় কোনো দেশলৈ প্ৰেৰণৰ সিদ্ধান্ত লৈছে। এই প্ৰব্ৰজনকাৰীসকলৰ কিছুমান আমেৰিকাত অপৰাধ সংঘটিত কৰাৰ বাবে দোষী।

ট্ৰাম্প প্ৰশাসনে প্ৰৱর্তিত এই নীতি মতে, আমেৰিকাত অপৰাধ সংঘটিত কৰা কিছু প্ৰব্ৰজনকাৰীক তেওঁলোকৰ স্বদেশলৈ নহয়, আন এটা তৃতীয় দেশলৈ প্ৰেৰণ কৰা হ’ব। ২০২৫ চনৰ মে’ মাহত এই নীতিৰ অধীনত দক্ষিণ চুডানলৈ ৮জন প্ৰব্ৰজনকাৰী পঠিয়াবলৈ চেষ্টা কৰা হৈছিল। এইসকলৰ ভিতৰত ৭জন দক্ষিণ চুডানৰ নাগৰিক নহ’লেও তেওঁলোকক হিংসা-অস্থিৰতাৰে জৰ্জৰিত এই দেশলৈ পঠিয়াবৰ সিদ্ধান্ত লোৱা হয়।

এই ঘটনাৰ বাবে বষ্টনৰ আদালতত গোচৰ চলি আছে। বিচাৰক ব্রায়ান মার্ফীয়ে মত প্ৰকাশ কৰে যে প্ৰব্ৰজনকাৰীসকলক কমেও ১০ দিন সময় দিয়া উচিত, যাতে তেওঁলোকে দাবী কৰিব পাৰে যে তৃতীয় দেশত তেওঁলোকে অত্যাচাৰ বা ভাবুকিৰ সন্মুখীন হ’ব পাৰে।

কিন্তু উচ্চতম ন্যায়ালয়ে ন্যায়াধীশ মাৰ্ফীয়ে প্ৰদান কৰা নিৰ্দেশনা বাতিল কৰে। যাৰ ফলত ট্ৰাম্প প্ৰশাসনে তৃতীয় দেশলৈ বিতাড়নৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে কৰিব পাৰিব। কিন্তু ন্যায়াধীশ ছোনিয়া ছ’ট’মেয়ৰ, এলেনা কাগান, কেটাঞ্জি ব্ৰাউন জেকচনে ইয়াৰ বিৰোধিতা কৰে। ন্যায়াধীশ ছ’ট’মেয়ৰে কয় যে এই সিদ্ধান্তই হাজাৰ হাজাৰ প্ৰব্ৰজনকাৰীক নিৰ্যাতন বা মৃত্যুৰ আশংকাত পেলাব পাৰে। একে সময়তে ট্ৰাম্প প্ৰশাসনে কয় যে এই প্ৰব্ৰজনকাৰীসকল বিপজ্জনক অপৰাধী আৰু তেওঁলোকৰ সুৰক্ষাৰ বাবে পৰ্যাপ্ত পদক্ষেপ গ্ৰহণ কৰা হৈছে।

Post a Comment

Previous Post Next Post