মাতৃহাৰা হ’ল সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্য। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্যৰ মাতৃ তথা অসম আন্দোলনৰ অগ্রণী কর্মী বীণা ভট্টাচাৰ্যৰ দেহাৱসান। গুৱাহাটীৰ কাহিলীপাৰা জটিয়াৰ শিৱশক্তি পথত থকা জী-জোৱাঁয়েকৰ ঘৰত সোমবাৰে নিশা ১১ বাজি ১২ মিনিটত বীণা ভট্টাচার্যই শেষ নিশ্বাস ত্যাগ কৰে। ৯৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অসম আন্দোলনৰ অগ্রণী কর্মী বীণা ভট্টাচাৰ্যই।
আজি নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্যৰ মাতৃ বীণা ভট্টাচাৰ্যৰ। ১৯৩০ চনৰ ৩ অক্টোবৰত জন্মগ্রহণ কৰিছিল বীণা ভট্টাচার্যই। ডিব্রুগড় মিছনেৰী স্কুল, যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়, গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয় আৰু তেজপুৰৰ দৰং মহাবিদ্যালয়ত শিক্ষাগ্রহণ কৰিছিল বীণা ভট্টাচার্যই। প্রখ্যাত বাসেন্দ্র বংশৰ সন্তান বীণা ভট্টাচার্যৰ পিতৃৰ নাম আছিল আনন্দেশ্বৰ বৰুৱা আৰু মাতৃৰ নাম কনকলতা বৰুৱা।কম বয়সতেই দেশৰ স্বাধীনতা আন্দোলনত ভাগ লৈছিল বীণা ভট্টাচার্যই। মহাত্মা গান্ধী অসমলৈ অহাৰ সময়ত স্বেচ্ছাসেৱকৰ দায়িত্ব পালন কৰিছিল বীণা ভট্টাচাৰ্য। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্য বীণা ভট্টাচাৰ্যৰ চতুর্থ সন্তান। অসমৰ জাতীয় জীৱনৰ বহু ঘটনাৰ সাক্ষী আছিল বীণা ভট্টাচার্য। সদৌ অসম ছাত্র সন্থাৰ হাজাৰ-হাজাৰ কর্মীৰ বাবে মাতৃস্বৰূপা আছিল বীণা ভট্টাচাৰ্য। বীণা ভট্টাচাৰ্যৰ বিয়োগ অসমৰ জাতীয় জীৱন তথা আছুৰ বাবে বৃহৎ ক্ষতি।