বোকাখাতৰ পাণবাৰী CRPF কেম্পত গ্ৰেণেড বিস্ফোৰণৰ ঘটনাত জড়িত আন দুজনক মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ আৰক্ষীৰ


 

বোকাখাতৰ পাণবাৰী CRPF কেম্পত গ্ৰেণেড বিস্ফোৰণৰ ঘটনাত জড়িত আন দুজনক মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ কাজিৰঙাত এই কথা সদৰি কৰিছে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান হৰমীত সিঙে।

সঞ্চালক প্রধানগৰাকীয়ে প্ৰকাশ কৰা মতে, আৰক্ষী শিবিৰত গ্ৰেণেড দলিওৱা ৰূপজ্যোতি দাস আৰু অংকুৰ দাস নামৰ দুজন অভিযুক্তৰ ভিতৰত ৰূপজ্যোতি দাসক আটক কৰা হৈছে যদিও অংকুৰ দাস এতিয়াও পলাতক৷


আনহাতে, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান চলাই তেজপুৰৰ পৰা ভৱেশ কলিতা নামৰ এজনক আৰু লখিমপুৰ পৰা সঞ্জীৱ বৰুৱা নামৰ আন এজনক মাৰাণাস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে৷ লখিমপুৰৰ পৰা এটা গ্ৰেণেড, এটা পিষ্টল আৰু তেজপুৰৰ পৰা এটা গ্ৰেণেড উদ্ধাৰ কৰে৷একেধৰণৰ ঘটনা সংঘটিত কৰাৰ উদ্দেশ্যৰে মাৰাণাস্ত্ৰসমূহ নিয়াৰ কথা প্ৰকাশ কৰিছে সঞ্চালক প্ৰধানগৰাকীয়ে৷ আৰু পাঁচ-ছজন লোক ইয়াত জড়িত আছে বুলি জনাই যদিও তদন্তৰ খাতিৰত এই দিশত আৰু তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে আৰক্ষী বিষয়াগৰাকী৷

Post a Comment

Previous Post Next Post