আকৌ নীলা ড্ৰামৰ চাঞ্চল্য! প্লাষ্টিকৰ বস্তাৰে মৃতদেহ মেৰিয়াই ড্ৰামত ভৰাই পেলাই থৈ গ’ল দুৰ্বৃত্তই


 

দেশত আকৌ চাঞ্চল্যকৰ ঘটনা। কুখ্যাত মীৰাট হ#ত্যাকাণ্ডৰ সৈতে সাদৃশ্য থকা আন এটা জঘন্য ঘটনা সংঘটিত হৈছে পুনৰ। এটা নীলা ড্ৰামৰ ভিতৰত উদ্ধাৰ হৈছে এজন লোকৰ গলিত মৃতদেহ। কটা ডিঙি আৰু ভৰি দুখন ৰছীৰে বান্ধি থোৱা আছিল লোকজনৰ। চুবুৰিটোত দুৰ্গন্ধ বিয়পিবলৈ আৰম্ভ কৰাৰ পাছতে ঘটনাটো পোহৰলৈ আহে। তাৰ পাছতেই স্থানীয় লোকে খবৰ দিয়ে আৰক্ষীক।

নীলা ড্ৰামটোৰ ভিতৰত এটা প্লাষ্টিকৰ বস্তাৰে মেৰিয়াই থোৱা হৈছিল মৃতদেহটো। ষ্টেচন হাউছৰ বিষয়া কুলৱন্ত কৌৰে সংবাদ মাধ্যমক জনোৱা মতে, লোকজনক প্ৰব্ৰজিত যেন দেখা গৈছে। তেওঁ কয়, ‘‘মুখৰ বৈশিষ্ট্যৰ ভিত্তিত মৃত ব্যক্তিজনক প্ৰব্ৰজিত যেন লাগে। শৰীৰৰ অন্য স্থানত কোনো আঘাতৰ চিন নাই। মৰণোত্তৰ পৰীক্ষাত মৃত্যুৰ সঠিক কাৰণ আৰু পৰিস্থিতিৰ বিষয়ে জানিব পৰা যাব।’’

এছ এইচ অ’ কৌৰে লগতে কয় যে ঘটনাৰ অনুসন্ধানত সহায়ক হ’বলৈ বহু ড্ৰাম কোম্পানীক সোধা-পোছা কৰা হৈছে। তেওঁ লগতে কয় যে অপৰাধস্থলীৰ আশে-পাশে অসংখ্য প্ৰব্ৰজনকাৰীয়ে বাস কৰে আৰু তেওঁলোককো সোধা-পোছা কৰা হৈছে। এই ঘটনাটো সংঘটিত হৈছে পঞ্জাবৰ লুধিয়ানাত।


Post a Comment

Previous Post Next Post