RG Kar Hospital Incident : যুৱতী চিকিৎসকৰ মৃতদেহ উদ্ধাৰৰ পিছত নমুনা সংগ্ৰহৰ প্ৰক্ৰিয়া ‘ভুল’



 যুৱতী চিকিৎসকৰ মৃতদেহ উদ্ধাৰৰ পিছত নমুনা সংগ্ৰহত পলম আৰু গাফিলতিৰ অভিযোগ পূৰ্বেই উত্থাপিত হৈছিল। এইবাৰ আৰু খেলিমেলিৰ তথ্য লাভ কৰিছে চিবিআয়ে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ বিষয়াৰ দাবী, ঘটনাস্থলীত মৃতদেহৰ পৰা নমুনা সংগ্ৰহ যিসকল ফৰেনছিক বিশেষজ্ঞসকলে কৰাৰ কথা আছিল, তেওঁলোকে কৰা নাই। তাৰ পৰিৱৰ্তে সেয়া কৰিছে আন ফৰেনছিক বিশেষজ্ঞই।

চিকিৎসকে জনাইছে, সাধাৰণতে ফৰেনছিক মেডিচিনৰ বিশেষজ্ঞসকলে মৃতদেহৰ পৰা বিভিন্ন নমুনা সংগ্ৰহ কৰে। তেওঁলোক চিকিৎসক। আৰু ঘটনাস্থলীৰ পৰা নমুনা সংগ্ৰহ কৰে ফৰেনছিক গৱেষকসকলে। তেওঁলোক চিকিৎসক নহয়, কিন্তু বিজ্ঞান বিষয়ত পঢ়া-শুনা কৰা লোক। মৃতদেহৰ পৰা যিসকলে নমুনা সংগ্ৰহ কৰে, তেওঁলোকৰ ক্ষেত্ৰতো বিশেষ ঘটনাত বিশেষ পাৰদৰ্শিতাৰ প্ৰয়োজন। যিদৰে, বিষক্ৰিয়াৰ ক্ষেত্ৰত কিছু বিশেষ দিশ থাকে। আকৌ অপকৰ্ম আৰু হত্যাৰ ঘটনাৰ নমুনা সংগ্ৰহৰ ক্ষেত্ৰতো কিছু বিশেষ দিশ থাকে।

জনা গৈছে, মৃতদেহ উদ্ধাৰৰ দিনা যি দুই ফৰেনছিক বিশেষজ্ঞ ঘটনাস্থলীত মৃতদেহৰ পৰা নমুনা সংগ্ৰহ কৰিছিল, তেওঁলোকৰ সম্পৰ্কে বিস্তাৰিত অনুসন্ধান কৰিছে চিবিআয়ে। দুয়োজনকে ইতিমধ্যে দীঘলীয়া সময় সোধা-পোছা কৰা হৈছে। কেতিয়া, কাৰ নিৰ্দেশত তেওঁলোক ঘটনাস্থলীলৈ গৈছিল সেয়া দুয়োজনৰ পৰা জনাৰ চেষ্টা কৰিছে তদন্তকাৰী দলে।

লগতে ৰাজ্যিক ফৰেনছিক পৰীক্ষাগাৰৰ কৰ্মচাৰীসকললৈও পত্ৰ প্ৰেৰণ কৰা হৈছে চিবিআইৰ ফালৰ পৰা। আনকি সেই ফৰেনছিক পৰীক্ষাগাৰৰ কৰ্মচাৰীসকলৰ সৈতে পোনপটীয়াকৈ যোগাযোগ ৰাখিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ বিষয়াসকলে। কিন্তু এতিয়ালৈ ফৰেনছিক পৰীক্ষাগাৰৰ পৰা কোনো ৰিপ’ৰ্ট চিবিআইক দিয়া হোৱা নাই। চিবিআইৰ এগৰাকী বিষয়াই দাবী কৰিছে যে পৰৱৰ্তী শুনানিত উচ্চ ন্যায়ালয়ত প্ৰমাণ লুকুওৱা আৰু কলকাতা আৰক্ষীৰ অসহযোগিতাৰ বিষয়ে লিখিতভাৱে জনোৱা হ’ব।

Post a Comment

Previous Post Next Post