Cachar : পৰকীয়া প্ৰেমৰ সন্দেহ, স্বামীয়ে কাটিলে পত্নীৰ দুয়োখন হাত



 কাছাৰৰ ধলাইৰ জামালপুৰত নিশা সংঘটিত হয় এক ভয়ংকৰ ঘটনা। স্বামীয়ে কাটিলে পত্নীৰ দুয়োখন হাত। পত্নীয়ে পৰকীয়া প্ৰেমত জড়িত থকাৰ সন্দেহ কৰি স্বামীয়ে কাটি পেলায় দুয়োখন হাত।

জানিব পৰা মতে, ৰফিক উদ্দিন নামৰ লোকজন আৰু তেওঁৰ পত্নীৰ মাজত দীৰ্ঘদিনৰ পৰা চলি আছিল কাজিয়া। স্বামী ৰফিক উদ্দিনৰ সন্দেহ যে পত্নী পৰকীয়া প্ৰেমত জড়িত। আৰু ইয়াকে লৈ স্বামী-স্ত্ৰীৰ মাজল দীৰ্ঘদিনৰ পৰা বিবাদ চলি আহিছে। যোৱা নিশা এই বিষয়ক লৈ দুয়োৰে মাজত পুনৰ কাজিয়া সৃষ্টি হয়। কাজিয়াৰ মাজতে খঙত অগ্নিশৰ্মা হৈ স্বামীয়ে দাৰে উপৰ্যুপৰি আক্ৰমণ কৰে পত্নীক।

ৰফিক উদ্দিনৰ দাৰ আক্ৰমণ তেওঁৰ পত্নীৰ দুয়োখন হাত বিচ্ছিন্ন হৈ যায়। ঘটনা সংঘটিত কৰিয়ে পত্নীক ৰক্তাক্ত অবস্থাত পেলাই পলায়ন কৰে স্বামী ৰফিক উদ্দিনে।ঘটনাৰ খবৰ পাই প্ৰতিৱেশী লোকসকলে মহিলাগৰাকীক ৰক্তাক্ত অবস্থাত উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ লৈ যায়। মহিলাগৰাকীৰ অৱস্থা সংকটজনক হোৱাত শিলচৰ মেডিকেল কলেজৰ পৰা নিশাই প্ৰেৰণ কৰা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ জামালপুৰ অঞ্চলত।

Post a Comment

Previous Post Next Post