নিউজ ১৮ৰ হাতত আহি পৰিছে বিশাল ফুকনৰ সম্পত্তিৰ তালিকা। বিশাল ফুকনৰ সম্পত্তিৰ তালিতা দেখিলে চকু কপালত উঠিব আপোনাৰ।
গৃহ জিলা ডিব্ৰুগড়ত বিশালৰ আছে অগাধ সম্পত্তিৰ পাহাৰ
- ডিব্ৰুগড়ৰ বৈৰাগীমঠত ২ হাজাৰ বৰ্গফুটৰ কাৰ্যালয়।
 - কাৰ্যালয়ৰ ইণ্টেৰিঅ’ৰ ডিজাইনৰ বাবদ ব্য়য় কৰিছিল ৮৫ লাখ টকা।
 - ৮৫ লাখ টকাৰ ৫০% দিছিল নগদ ধন।
 - কৰিশ্মা কাকতিয়ে কৰিছিল ইণ্টেৰিঅ’ৰ ডিজাইন।
 - ডিব্ৰুগড়ৰ প্ৰবাঞ্জলি এপাৰ্টমেণ্টত কিনিছিল ফ্লেট।
 - প্ৰবাঞ্জলি এপাৰ্টমেণ্টত ৬৩.২৫ লাখ টকাৰে ফ্লেট কৰিছিল ক্ৰয় বিশালে
 - ফ্লেট ক্ৰয়ৰ বাবে বিল্ডাৰক দিছিল ৪৪ লাখ টকা আগধন।
 - লীলা গগৈ পথত ফ্লেট ক্ৰয় কৰিছিল।
 - ইয়াৰে ৪৪ লাখ টকা নগদ আৰু ১৮ লাখ চেক প্ৰদান কৰিছিল।
 
বিশালৰ সমান্তৰালকৈ পাতি লোৱা বায়েক চুমি বৰাৰো আছিল কোটি টকাৰ সম্পত্তি
- গুৱাহাটীৰ নাৰেংগীতো আছে চুমিৰ কোটি টকীয়া ফ্লেট।
 - আইডিয়েল ভিউ এপাৰ্টমেণ্টত ১.৫ কোটি টকীয়া ফ্লেট।
 - গুৱাহাটীৰ তৰুণ নগৰৰ প্ৰটেক তৰুণ এপাৰ্টমেণ্টত ৭ কোটি টকীয়া ফ্লেট।
 
চুমি বৰাৰ ডান্স একাডেমীৰ বাবেও বিশালে খৰছ কৰিছিল কোটি-কোটি টকা
- ডিব্ৰুগড়ত চুমিৰ বাবে খুলি দিছিল ডান্স একাডেমী।
 - চুমিৰ ডান্স একাডেমীৰ ডিজাইনিঙত ৩৩লাখ টকা খৰছ কৰিছিল।
 - ডান্স একাডেমীৰ মাটিৰ মালিকক দিছিল ৫ লাখ টকা।
 - ডান্স একাডেমীত ছিগমা টাইলছৰ বাবদত দিছিল নগদ ১০ লাখ টকা।
 - ডান্স একাডেমীৰ ছাউণ্ড প্ৰুফৰ নামত ১৫ লাখ টকা ব্যয়।
 
বিশাল ফুকনে ‘ৰীলছ ৰাণী’ চুমি বৰাক দিছিল লাখটকীয়া টেডী বিয়েৰৰ পৰা কোটি টকাৰ হীৰা উপহাৰলৈ
