ইমাননো মিছা মাতিবলগীয়া কিয় হ’ল গীতালি দেৱীয়ে? চুমিক কিয় চিনি নাপাওঁ বুলি কৈছিল গীতালিয়ে?



 ছবিয়ে হেনো মিছা কথা নকয়। চুমি বৰাৰ লগতে এতিয়া তেনেকুৱায়েই হৈ আছে। ৰাজ্যৰ বহু আগশাৰীৰ অভিনেতা-অভিনেত্ৰী, গায়ক-গায়িকাৰ সৈতে পাৰ্টীৰ পৰা মন্দিৰ দৰ্শন কৰা দেখা গৈছিল চুমি বৰাক। কিন্তু শেহতীয়াকৈ চুমি বৰাৰ কু-কাণ্ডৰ পোহৰলৈ অহাৰ পিছতে সেইসকলে অভিনেতা-অভিনেত্ৰী, গায়ক-গায়িকাসকলে চুমি বৰাক চিনি নাপাওঁ বুলি প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে।

বুধবাৰে জনপ্ৰিয় গায়িকা গীতালি দেৱীয়েও চুমি বৰাক চিনি নাপাওঁ বুলি কৰিছে। কিন্তু চুমি বৰাক জনপ্ৰিয় অভিনেতা যতীন বৰা, যতীন বৰাৰ পত্নী নৱনীতা শৰ্মা বৰুৱা, গীতালি কাকতি, গীতালিৰ স্বামী সুমিত সাগৰ, দীক্ষু শৰ্মা, দীক্ষু শৰ্মাৰ পত্নী বিজেয়েতাক দেখা গৈছে। কিন্তু এতিয়া প্ৰশ্ন হৈছে কিয় মিছা মাতিলে গীতালি দেৱীয়ে?

বুধবাৰে চুমি বৰাৰ সন্দৰ্ভত কি কৈছিল গীতালি দেৱীয়ে?
‘‘মোৰ নিজৰ কামত গৈছিলো। তাত এজন ভাইটি থাকে। এটা এপাৰ্টমেণ্টত এজনেই নাথাকে, বহুত মানুহ থাকে। মই গানৰ কামত গৈছিলো। সেই ভিজুৱেলখিনিয়ে দেখিছে। মই গাড়ী চলাই কাৰোবাক লৈ আহিছো বুলি কৈছে। মই গাড়ী চলাবই নাজানো। আজিলৈ ষ্টিয়েৰিঙে ধৰি পোৱা নাই। মই আৰু মোৰ মানুহজন আছিলো। গানৰ কামত গৈছিলো।’’

বিজ্ঞাপন‘‘মই নিজৰ কামত গৈছিলো। কাৰো লগত সম্পৰ্ক নাই তেনে ধৰণৰ মানুহখিনিৰ লগত। যেতিয়াই পাইছে কেৱল হাই-হেল্ল’। মোক যাৰ লগত সাঙোৰ খুৱাইছে, মই গাড়ীত উঠাই নি ক’ৰবাত থৈছো বুলি কৈছে, সেইটো একেবাৰেই মিছা। মোৰ চুমি বৰাৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই। মই তেওঁলোক ক’ত আছে নাজানো। মোক এনেয়ে নাম সাঙোৰ খুওৱাটো ভাল পোৱা নাই। মই কালি গৈছো সঁচা, মই কামৰ কাৰণে গৈছিলো। মই কাকো ৰক্ষণাবেক্ষণ দিয়া নাই। মোৰ ইয়াৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই।’’

Post a Comment

Previous Post Next Post