পাণ দোকানীৰ পৰা কোটিপতিলৈ... অনলাইন ট্ৰেডিঙৰ নামত কোটি কোটি টকা লুটি উধাও মাইনাও



 অবৈধ মানী ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনাৰে কোটি কোটি টকা আত্মসাৎ কৰাৰ তালিকাত এইবাৰ বাক্সাৰ মাইনাও ব্ৰহ্ম নাম এগৰাকী মহিলা। কোটি কোটি টকা আত্মসাৎ কৰি নামে-বেনামে সম্পত্তিৰ পাহাৰ গঢ়িছে মহিলাগৰাকীয়ে। পান দোকানীৰ পৰা কেনেকৈ কোটিপতি হৈছিলম মাইনাও।

পাণ দোকানীৰ পৰা এতিয়া কোটিপতি মাইনাও ব্ৰহ্ম। পাণ দোকানী মাইনাওৰ নামত এতিয়া নামে-বেনামে বিশাল সম্পত্তি। ট্ৰেডিঙৰ জৰিয়তে কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ মাইনাও ব্ৰহ্মৰ বিৰুদ্ধে। অনলাইন ট্ৰেডিঙৰ নামত ধন বিনিয়োগ কৰি এতিয়া মূৰে-কপালে হাত দিছে বাক্সাৰ বহু লোকে। চলাহী কথাৰ পাকচক্ৰত পৰি ট্ৰেডিঙৰ নামত মাইনাও ব্ৰহ্মৰ হাতত বহু লোকে জমা থৈছিল লাখ লাখ টকা।

উল্লেখযোগ্য যে বাক্সা জিলাৰ মুছলপুৰৰ পশ্চিম বাংনাবাৰীৰ মাইনাও ব্ৰহ্মই মুছলপুৰত পাণ-তামোলৰ লগতে পেট্ৰ’ল-ডিজেল বিক্ৰী কৰি চলাই আছিল পৰিয়ালটো। প্ৰায় এবছৰ পূৰ্বৰ পৰা মহিলাগৰাকীয়ে অনলাইন ট্ৰেডিঙৰ নামত বাক্সা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰিছিল ধন। মাহেকত শতকৰা ৬ শতাংশ লাভ দিয়াৰ প্ৰলোভন দি সংগ্ৰহ কৰিছিল ধন। দুই এমাহ মাইনাও ব্ৰহ্মই গ্ৰাহকক দিয়া প্ৰতিশ্ৰুতি অনুসৰি আদায় দিছিল শতকৰা ৬ শতাংশ ধন। কিন্তু দুই তিনিমাহ দিয়াৰ পাছতে অন্তৰ্ধান হৈছিল মাইনাও ব্ৰহ্ম। গ্ৰাহকৰ ধনেৰে মাইনাও ব্ৰহ্মই মুছলপুৰ চহৰৰ তিনি-চাৰি ঠাইত মাটি কিনি অট্টালিকা নিৰ্মাণ কৰাৰ উপৰিও কেবাখনো বিলাসী বাহন ক্ৰয় কৰিছিল। কিন্তু এতিয়া ধন আত্মসাৎ কৰি পলাতক মাইনাও। সম্প্ৰতি নিজৰ প্ৰাপ্য ধন বিচাৰি মাইনাওৰ ঘৰত ভিৰ কৰিছে গ্ৰাহকে।

Post a Comment

Previous Post Next Post