পুনৰ চৰ্চালৈ বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহননৰ ঘটনা। বিগত বৰ্ষৰ আগষ্টত সংঘটিত সেই ঘটনা। অনুৰাগ চলিহাৰ সৈতে ইন্দ্ৰাণীৰ অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেল হৈছিল ছ’চিয়েল মিডিয়াত। এই ঘটনাৰে নাম সাঙোৰ খাইছিল কুলদীপ দাস নামৰ এজন যুৱকৰ। আৰু তেতিয়াৰ পৰাই ‘পলাতক’ হৈ আছিল কুলদীপ। ইন্দ্ৰাণীৰ আত্মহত্যাৰ ঘটনাত গ্ৰেপ্তাৰ হৈছিল ৪জনকৈ লোক। গ্ৰেপ্তাৰ হৈছিল অনুৰাগ চলিহা, দ্বিবন ডেকা, ৰেখান্ত দাস আৰু অসীম চক্ৰৱৰ্তী।
আৰু অৱশেষত চানমাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দীৰ্ঘদিনে পলাতক হৈ থকা কুলদীপক। নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় অন্যতম অভিযুক্ত কুলদীপ দাসক। অভিযোগ অনুসৰি, অভিমন্যু দাসে অনুৰাগ চলিহাৰ মূৰত পিষ্টল ৰাখি তেওঁৰ পৰা মোবাইল ফোনৰ পাছৱ’ৰ্ড লৈছিল আৰু সেই সময়ত তেওঁৰ সৈতে ৰেখান্ত, অসীম আৰু কুলদীপ দাস আছিল।