Sumi Borah-Tarkik Borah: ক’লা ফৰ্চুনাৰত উঠি নেপাল পালেগৈ চুমি বৰা আৰু তাৰ্কিক বৰা!


 

নিউজ 18ত চুমি-তাৰ্কিকৰ এক্সক্লুছিভ খবৰ। নেপালৰ পোখৰাত চুমি বৰা আৰু তাৰ্কিক বৰাই আত্মগোপন কৰি থকাৰ খবৰ। মঙলবাৰে পুৱা ৭বাজি ৩০ মিনিটত নেপালত প্ৰৱেশ কৰিছিল চুমি বৰা আৰু তাৰ্কিক বৰাই। এখন ক’লা ফৰ্চুণাৰ গাড়ীৰে নেপাললৈ ৰাওনা হৈছিল দুয়ো। সোমবাৰে নিশা গাড়ী চলাই কাকৰভিট্টা পাইছিল চুমি বৰা আৰু তাৰ্কিক বৰাই। গুৱাহাটীৰ পৰা পোনে পোনে ফৰ্চুণাৰেৰে নেপালত প্ৰৱেশ কৰিছিল চুমি বৰা আৰু তাৰ্কিক বৰাই।

নেপাল সীমান্তৰ পৰা পোখৰালৈ প্ৰায় ১৮-২০ ঘণ্টাৰ যাত্ৰা। এটা দালালৰ সহায়ত ৭ হাজাৰ টকা দি নেপালত প্ৰৱেশ কৰিছিল দুয়োয়ে। কাকৰভিট্টাৰ গেটত পঞ্জীয়ন কৰি সোমাইছিল নেপালত। মঙলবাৰে নেপালৰ হিটৰাত নিশা কটাইছিল দুয়ো। বুধবাৰে বিয়লি পোখৰাত উপস্থিত হৈছিল চুমিহঁত। অসম আৰক্ষীৰ মিছন চুমি-তাৰ্কিক অভিযানৰ মাজতে নিউজ 18 অসম নৰ্থইষ্টলৈ আহিছে এই চাঞ্চল্যকৰ খবৰ। অসম আৰক্ষীয়ে ইতিমধ্যে ৱাণ্টেড ঘোষাণা কৰিছিল চুমি বৰা আৰু তাৰ্কিক বৰাক।

বিশাল ফুকনৰ গোচৰত SITএ আৰম্ভ কৰিছে তদন্ত। ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে এজন বিশাল ফুকন আৰু অভিজিৎ চাণ্ডক। ১৮টা বেংক একাউণ্ট ছীজড কৰা হৈছে। SEBI, আয়কৰ বিভাগ, ED তথা তদন্তত যি যি বিভাগৰ সহায় প্ৰয়োজন তেওঁলোকৰ সহযোগিতা বিচৰা হৈছে।

ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেদ্দীয়ে সংবাদমেলত দিয়া তথ্য অনুসৰি ৭জনৰ পৰা ৮ জনলৈ প্ৰেৰণ কৰা হৈছে Look Out Circular। চিকিৎসক, সাংস্কৃতিক জগতৰে জড়িত লোক আৰু YouTuberও আছে তালিকাত। তদন্তৰ খাতিৰত লোকসকলৰ নাম প্ৰকাশ কৰা নাই ডিব্ৰুগড় আৰক্ষীয়ে। প্ৰায় ১৫গৰাকী সাক্ষীৰ ভাষ্য গ্ৰহণ কৰিছে। পৰিয়ালৰ লোককো সোধা-পোচা কৰা হৈছে বুলি জনাই ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকগৰাকীয়ে।

Post a Comment

Previous Post Next Post