Apple iPhone: Appleএ মুকলি কৰিলে iPhone 16 ছিৰিজ, ভাৰতৰ বজাৰত কিমান হ’ব দাম?



 আইফোনৰ প্ৰতি আগ্ৰহ থকা লোকসকলৰ বাবে এটা নতুন খবৰ। শেহতীয়াকৈ iPhone 16 আৰু iPhone 16 Plus নামৰ দুটা নতুন মডেল মুকলি কৰিছে বিশ্বৰ সৰ্ববৃহৎ টেক কোম্পানী এপলে। মঙলবাৰৰ পৰা এপলৰ অফিচিয়েল ৱেবছাইটত আৰু সাকেট দিল্লীস্থ এপল ষ্ট’ৰ আৰু মুম্বাই ষ্ট’ৰত আৰম্ভ হ’ব iPhone 16 আৰু iPhone 16 Plusৰ প্ৰি-বুকিং। এপলে iPhone 16 আৰু iPhone 16 Plusত A18 বায়নিক প্ৰদান কৰিছে। এপলে iPhone 16 আৰু iPhone 16 Plus এই নতুন মডেলত এপল ইনটেলিজেন্স ফিচাৰ প্ৰদান কৰিছে।

কেমেৰা কণ্ট্ৰলৰ বিশেষ সুবিধাঃ
iPhone 16 আৰু iPhone 16 Plusত থাকিব 16MP আৰু 18 MP কেমেৰা। লগতে এই দুয়োটা আইফোনতে থাকিব Intelligence Control Camera feature, যাৰ জৰিয়তে আপুনি পেছাদাৰী ফটোগ্ৰাফীৰ বিষয়ে বিশদভাৱে নাজানিলেও উন্নত ফটো তুলিব পাৰিব।

কিমান দাম হ’ব iPhone 16 আৰু iPhone 16 Plusৰ?
এপলে ভাৰতীয় মূল্য অনুসৰি প্ৰায় ৬৭০৮১ টকাত iPhone 16 মুকলি কৰিছে, আমেৰিকাত ইয়াক ৭৯৯ ডলাৰত মুকলি কৰা হৈছে। আনহাতে iPhone 16 Plus ভাৰতীয় মূল্য অনুসৰি প্ৰায় ৭৫৪৭৬ টকাত প্ৰৱৰ্তন কৰা হৈছে। আমেৰিকাত মুকলি কৰা হৈছে আইফোন ১৬ প্লাছ ৮৯৯ ডলাৰত।

iPhone 16 আৰু iPhone 16 Plusৰ বিশেষত্ব কি?
এপলে ৬.১ আৰু ৬.৭ ইঞ্চিৰ স্ক্ৰীণ দিছে iPhone 16 আৰু iPhone 16 Plusত। ইয়াৰ লগতে iPhone 16 আৰু iPhone 16 Plusত ফ’কাচ আৰু ডেফথ কণ্ট্ৰ’ল বৈশিষ্ট্যৰ সৈতে Next Generation পৰ্টেটনিক দিয়া হৈছে। Macro Photographyও কৰিব পাৰিব iPhone 16 আৰু iPhone 16 Plusৰ সহায়ত। লগতে অটোফ’কাছৰ সৈতে ডেফথ কেমেৰাৰ সহায়ত দূৰৈৰ ফটো তুলিব পাৰিব।

থাকিব ছেটেলাইট ফীচাৰঃ
পূৰ্বৰ মডেলসমূহৰ দৰে iPhone 16 আৰু iPhone 16 Plusতো থাকিব ছেটেলাইট ফীচাৰ। যেতিয়া iPhone 15ত এই ছেটেলাইট ফীচাৰ প্ৰৱৰ্তন কৰা হৈছিল, তেতিয়া কোম্পানীয়ে ইয়াক কেৱল আমেৰিকাতহে প্ৰৱৰ্তন কৰিছিল যদিও এইবাৰ বিশ্বৰ ১৭খন দেশত এই ছেটেলাইট ফীচাৰ আগবঢ়োৱা হৈছে।

Post a Comment

Previous Post Next Post