তপন তালুকদাৰঃ কোনে লিখিছে এই ছুপাৰহিট চিনেমাৰ স্ক্ৰিপ্ট? নাটক এখন হৈ আছে বুলি চৰ্চা চলি আছিল ৰাজ্যজুৰি। দেখিও নেদেখাৰ এই নাটক, জানিও নজনাৰ নাটক। তদন্তৰ নামত প্ৰচণ্ড লম্ফ-জম্ফৰ নাটক। তিনিআলিৰ গুমটিৰ পৰা ছ’চিয়েল মিডিয়ালৈ চৰ্চা হৈছিল চুমি আৰু তাৰ্কিকৰ পলায়নৰ আখ্যান। সকলোৰে এটাই প্ৰশ্ন কিয় দুয়োকে ধৰিব পৰা নাই আৰক্ষীয়ে? অৱশেষত চুমি বৰা আৰু তাৰ্কিক বৰাৰ আত্মসমৰ্পণৰ নাটকৰ পিছতে ৰাইজৰ চকুৰ আগৰ পৰা পৰ্দা আঁতৰিল।
১০ দিনীয়া ক্লাইমেক্সৰ পিছত এতিয়া সকলোৰে প্ৰশ্ন-
কোনে লিখিছে এই ছুপাৰহিট চিনেমাৰ স্ক্ৰিপ্ট? প্ৰথমতে পলায়নৰ সুবিধা, তাৰ পিছতে সংগোপনে বহিঃৰাজ্যৰ পৰা অসমলৈ স্থানান্তৰ। টীয়কত এনিশা থাকি ১০ দিন থকাৰ নাটক।
ওফৰি অহা খবৰ ভিত্তিত চলিল বহু বাতৰি। তাৰ মাজতে ডাইৰেক্টৰে তুংগত তুলি নিছিল চিনেমাৰ ক্লাইমেক্স। ছ’চিয়েল মিডিয়াত এটা আগজাননী আৰু তাৰ পিছতেই প্ৰথম আত্মপ্ৰকাশ ৰীল ৰাণী চুমি বৰাৰ। সংবাদমাধ্যমক গালি পাৰি উঠি চুমিয়ে ক’লে আত্মসমৰ্পণ কৰাৰ কথা। লগে লগে অসমৰ দৰ্শকৰ মাজত লাগিল হুৱাদুৱা।
পুনৰ ছ’চিয়েল মিডিয়াত আহিল ‘চুমিকম্প’। তাৰ পিছত আকৌ ইটোৰ পিছত সিটো গৰম খবৰ। আৰক্ষীৰ জিম্মাত থাকৰ সময়তো হাইপ্ৰফাইল ব্যক্তিৰ দৰেই হাইপ্ৰফাইল আদৰ চুমি বৰাৰ। ডিব্ৰুগড়ৰ বিলাসী জীমখানা ক্লাৱত চুমি আৰু তাৰ্কিকক ৰাজকীয় আতিথ্য দিয়াৰ খবৰ পালে প্ৰকাশ। জীমখানা ক্লাৱত ১,৭৫০টকীয়া ব্ৰেকফাষ্ট। তাৰ পিছতে বৃহস্পতিবাৰে ডিব্ৰুগড় থানা পালে চুমি আৰু তাৰ্কিক বৰা।
চুমি আৰু তাৰ্কিক বৰাক থানাত থকাৰ সময়তে লিক হ’ল আৰু কেইবাটাও ভিডিঅ’। এইবাৰ চুমিৰ লগে লগে ওলাল তাৰ্কিকৰো ভিডিঅ’। চুমি তাৰ্কিকৰ এটাই মত, বিশালৰ ট্ৰেডিং ব্যৱসায়ৰ সৈতে জড়িত নহয় তেওঁলোক। এটা ভিডিঅ’ত কান্দি কান্দি চুমিয়ে ক’লে নিজৰ দুখৰ অকথিত কাহিনী। প্ৰতিটো ভিডিঅ’টো কেৱল নিজক ধোৱা তুলসীৰ পাত সজোৱাৰ চেষ্টা। সকলো পোহৰলৈ অহাৰ পিছত সন্দেহ কৰা হৈছে।
পৰিকল্পিতভাৱেই আত্মসমৰ্পণৰ পূৰ্বে লিক কৰা হৈছে নেকি এই ভিডিঅ’? আইনগতভাৱে সহায় হ’ব পৰাকৈ ভিডিঅ’ত আত্মপক্ষ সমৰ্থনৰ সুযোগ চুমি-তাৰ্কিকক। ইমানখিনিৰ পিছত পুনৰ সেই প্ৰথম প্ৰশ্নটোৱেই উত্থাপিত হয়। কোনে লিখিছে এই ছুপাৰহিট চিনেমাৰ স্ক্ৰিপ্ট, ডায়লগ? ইয়াৰ লগে লগে আন বহু প্ৰশ্নও উত্থাপিত হৈছে জনমানসত। চুমিয়ে পাইছে নেকি আৰক্ষী আৰু ৰাজনৈতিক সুৰক্ষা? অৱধাৰিতভাৱে চুমিক ৰাজসাক্ষী হোৱাৰ পথ প্ৰশস্ত কৰা হৈছে নেকি?
কাৰণ চুমি যদি বিশালৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ গোচৰত ৰাজসাক্ষী হৈ যায় তেন্তে শাস্তি ৰেহাই পাব চুমিয়ে। ২২০০ কোটি টকাৰ এই প্ৰৱঞ্চনাৰ গোচৰটোত আইনে কি গতি লয় সেয়া সময়ে ক’ব।
কিন্তু এই মুহূৰ্তত জনমানসত উত্থাপিত হৈছে তিনিটা মূল প্ৰশ্ন!
১. চুমিৰ বেংক একাউণ্টবোৰ ফ্ৰীজ কৰিলেনে?
২. গুৱাহাটী, ডিব্ৰুগড় আৰু অন্য ঠাইত থকা সম্পত্তিবোৰ জব্দ হ’লনে?
৩. নগদ ধনেৰে কিনা ১৬খন বিলাসী গাড়ী জব্দ হ’লনে?
নে এই সকলোবোৰ সুৰক্ষিতভাৱে তেওঁলোকৰ হৈ থকাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতহে আত্মসমৰ্পণ কৰিবলৈ ৰাজী হৈছে চুমি? এই চুপাৰহিট চিনেমাখনৰ স্কিপ্ট কোনে লিখিছে সেয়া এদিন ওলাব, কিন্তু এই ৰাজ্য কঁপাই যোৱা প্ৰৱঞ্চনা কাণ্ডৰ তদন্ত কৰা অসম আৰক্ষীয়ে চুমি-তাৰ্কিকৰ গ্ৰেপ্তাৰক লৈ কি কি কথা নোকোৱাকৈ লুকুৱাই থ’লে?
চুমি-তাৰ্কিকক গ্ৰেপ্তাৰৰ কি কি নক’লে আৰক্ষীয়ে?
১. STFএ ক’ত ধৰিলে চুমি-তাৰ্কিকক?
২. ডিব্ৰুগড়ত ক’ত ৰাখিছিল চুমি-তাৰ্কিক?
৩. ১০ দিনে ক’ত লুকাই আছিল চুমি আৰু তাৰ্কিক?
৪. কেতিয়া আৰক্ষীক যোগাযোগ কৰিছিল দুয়োজনে?
এনে বহু প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত আছে আৰক্ষী। ৰাস্তাৰ মাজত কিয় আত্মসমৰ্পণ কৰা হ’ল? থানালৈ অনাৰ আগত জীমখানা ক্লাৱত কিয় ৰাখিলে? চুমি-তাৰ্কিকক বিশেষ আতিথ্য কিয়?