এটা কাৰ্টুন প্ৰতিবাদৰ তীক্ষ্ণ ভাষা হ’ব পাৰে৷ কাৰ্টুন হ’ব পাৰে বিপ্লৱৰো আন এটা নাম৷ কাৰ্টুনৰ মাজেৰে ব্যংগাত্মকভাবে উন্মোচিত সত্যই জোকাৰি যায় চিন্তা-চেতনাক। নিতুপৰ্ণ ৰাজবংশীয়েও (Nituparna Rajbongshi) অংকন কৰে কাৰ্টুন৷ শৈলী সুকীয়া৷ থাকে সৰভোগত৷ সৰভোগৰ পৰাই নীৰৱে প্ৰতিষ্ঠা কৰিছে প্ৰতিবাদী কাৰ্টুনৰ এটা ধাৰা৷ প্ৰগতিশীল চিন্তাৰ এই কাৰ্টুনিষ্টজনৰ প্রতিভাই বিশ্বমঞ্চলৈও বাট বুলিছে৷
কিন্তু, শুকুৰবাৰে কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ এটা ঘোষণাই ৰাজ্যজুৰি লাভ কৰিছে ব্যাপক চৰ্চা। কাৰ্টুন শিল্পক বিদায় জনালে নিতুপৰ্ণ ৰাজবংশীয়ে! সুদীৰ্ঘ পৰিক্ৰমাৰ মাজেৰে আহি অসমৰ সমাজ-ৰাজনৈতিক প্ৰেক্ষাপটত এগৰাকী প্ৰগতিশীল কাৰ্টুনিষ্ট হিচাপে খ্যাতি অৰ্জন কৰা নিতুপৰ্ণৰ এই সিদ্ধান্তই হতচকিত কৰিছে তেওঁৰ অনুৰাগীসকলক।
বিধায়ক অখিল গগৈৰ বাবেই আজি কাৰ্টুনজগতৰ পৰা বিদায় ল’লে কাৰ্টুনিষ্টগৰাকীয়ে। কিন্তু, অখিল গগৈৰ (Akhil Gogoi) বাবে কিয় এই সিদ্ধান্ত ল’বলগীয়া হ’ল নিতুপৰ্ণ ৰাজবংশীয়ে? হয়, অখিল গগৈয়ে জগৰ লগালে নিতুপৰ্ণক, যাৰ বাবে অসমবাসীক ধন্যবাদ জনাই কাৰ্টুন অঁকা বন্ধ কৰিলে নিতুপৰ্ণ ৰাজবংশীয়ে।
কি কৰিলে অখিল গগৈয়ে?
মিঞা বিতৰ্কই ৰাজ্য তোলপাৰ লগাই থকাৰ সময়তে বুধবাৰে কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে তেওঁৰ ‘অঁ, প্ৰাসংগিক’ শিতানত এই বিতৰ্কৰে সংগতি ৰাখি প্ৰকাশ কৰিছিল এটা কাৰ্টুন। আৰু সেই কাৰ্টুনটোৱে (Cartoon) লাভ কৰিছিল চৰ্চা। পক্ষ-বিপক্ষ সামৰি হৈছিল বিতৰ্কও। আকৌ সেই কাৰ্টুনটোৰে সৈতে সাদৃশ্য় থকা আন এটা কাৰ্টুন প্ৰিণ্ট কৰি আজি বিধানসভাত প্ৰতিবাদৰ বাবে সাজু হৈছিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ।