বিধায়ক অখিল গগৈৰ ফেচবুক পোষ্টক লৈ তুমুল চৰ্চা। অসুস্থতাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা অখিল গগৈয়ে আজি পুৱাৰ ভাগত ফেচবুকত এটা পোষ্ট কৰিছিল। এই পোষ্টটোত অখিল গগৈয়ে উল্লেখ কৰিছিল, ‘‘অলপ সুস্থ হৈছিলো বাবে আজি বিধানসভালৈ যাবলৈ সাজু হৈছিলো। এখন বেনাৰ বনাইছিলো বৰ্তমান পৰিস্থিতিক লৈ। পুলিচে প্ৰেছটোকে ঘেৰাও কৰিছে আৰু মোকো জিএমচিৰ পৰা ওলাবলৈ অনুমতি নিদিলে!’’
এই পোষ্টটোৰ প্ৰায় এঘণ্টা পিছত অখিল গগৈয়ে সামাজিক মাধ্যমত আন এটা পোষ্ট দিয়ে। এই পোষ্টটোত দুখন কাৰ্টুন সংলগ্ন কৰিছে অখিল গগৈয়ে। এই কাৰ্টুন দুখনত লিখা হৈছে ‘মিয়া অ’ মিয়া ২৬ৰ বৈতৰণী পাৰ কৰি দিয়া’।
এই পোষ্টটোৰ কেপচনত অখিল গগৈয়ে তেওঁৰ লগতে ভাস্ক’ ডি শইকীয়াৰ ফোন টেপিং কৰাৰ অভিযোগ কৰি কাৰ্টুন দুখন প্ৰিণ্ট কৰা প্ৰেছটোত আৰক্ষীয়ে অভিযান চলোৱাৰ কথাও উল্লেখ কৰে।
উল্লেখযোগ্য যে দুদিন পূৰ্বে অসুস্থ হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি হৈ থকা অখিল গগৈয়ে আজি বিধানসভাৰ অধিৱেশনত যোগদান কৰিব বিচাৰিছিল। বিধানসভাত প্ৰতিবাদৰ উদ্দেশ্যেৰ এই বেনাৰ প্ৰস্তুত কৰিছিল বুলি পোষ্টত উল্লেখ কৰিছিল অখিল গগৈয়ে। আৰক্ষীয়ে খবৰ লাভ কৰাৰ পিছতে প্ৰেছটোত অভিযান চলাই বেনাৰখন জব্দ কৰি প্ৰেছটো ছীল কৰে। আনহাতে, আজি GMCHৰ পৰা যাবলৈ দিয়া নহ’ল অখিল গগৈক।