এটা Apple iPhone 13ৰ বাবে মৰাণ আৰক্ষীৰ জালত পৰিল দুই কিশোৰ ঘাতক। হত্যাৰ বলি হোৱা স্নাতক প্ৰথম ষান্মাসিকৰ ছাত্ৰৰ পৰা কাঢ়ি নিয়া Apple iPhone 13ৰ লোকেচন ট্ৰেচ কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুটা কিশোৰক।
দুই ঘাতকৰ সৈতে কি সম্পৰ্ক ভুক্তভোগীৰ?
একে ঠাইতে ঘৰ তিনিওটি কিশোৰৰ। শৈশৱৰে পৰা তিনিওটা নলে-গলে লগা বন্ধু। ডিমৌত উচ্চতম মাধ্যমিক পাছ কৰাৰ পাছত চকলাপথাৰৰ বিশাল বৰাই নামভৰ্তি কৰিছে মৰাণ মহাবিদ্যালয়ত। বিপৰীতে ডিমৌতে অধ্যয়ন কৰিছে ১ নং উদয়পুৰৰ আন দুই কিশোৰে। যোৱা ২৭ আগষ্টৰ মাজ নিশা শৈশৱৰ বন্ধু বিশাল বৰাক হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে হাতে লোটে গ্ৰেপ্তাৰ কৰিলে একেখন গাঁৱৰে আন দুই কিশোৰক।
কি হৈছিল ২৭ আগষ্টত?
যোৱা ২৭ আগষ্টৰ কানিমুনি সময়ত মৰাণ চাহ বাগিচাৰ টিখৰাই ডিভিজনৰ দুই নং প্লাণ্টত উদ্ধাৰ হৈছিল এটা অচিনাক্ত মৃতদেহ। ফিল্মষ্টাৰৰ দৰে চেহেৰাৰ কিশোৰক দাৰে ঘপিয়াই হত্যা কৰাৰ দৃশ্য দেখি শিয়ঁৰি উঠিছিল প্ৰতিজন প্ৰত্যক্ষদৰ্শী। বাগিচাৰ লুংলুঙীয়া পথৰ মাজত পৰি থকা মৃতদেহৰ কাষত উদ্ধাৰ হৈছিল সুৰাৰে পূৰ্ণ বটল এটাৰ লগতে আন এটা খালী বটল। সেই বটল দুটাৰ কাষতে আছিল তেজ লগা ডিছপ’জিবল গ্লাছ।
কেনেকৈ চিনাক্ত হ’ল কিশোৰৰ মৃতদেহ?
বন্ধুৰ ফোন পাই বিয়লি ৩ বজাতে ভাড়াঘৰৰ পৰা ওলাই অহা বিশাল বৰা নিশা ৯ বজালৈকে উভতি নহাত চিন্তিত হৈ পৰিছিল ৰূমমেট। স্নাতক প্ৰথম ষান্মাসিকত পঢ়া প্ৰতিজন সহপাঠীৰ সৈতে ফোনেৰে যোগাযোগ কৰিও বিশালৰ সন্ধান নাপাই নিশা ৯ বজাত ভাড়াঘৰৰ পৰা ওলাই আহিল ৰূমমেট। তেতিয়াই মৰাণ চহৰৰ এখন দোকানত ৰূমমেটে পালে সেই খবৰ। দোকানীৰ মোবাইলত দেখিলে ঘাতকৰ বলি হোৱা বিশালৰ ফটো।
নিশা ১০ বজাত মৃতদেহ চিনাক্ত হোৱাৰ পাছত মৰাণ আৰক্ষীয়ে ক্ষিপ্ৰ গতিৰে আৰম্ভ কৰিলে হত্যাকাণ্ডৰ তদন্ত। প্ৰথমে আৰক্ষীয়ে ভাষ্য ল’লে বিশাল বৰাৰ সৈতে মেছ কৰি থকা ৰূমমেটৰ। সেই কিশোৰৰ ভাষ্যতে হত্যাকাণ্ডৰ বলি হোৱা বিশালৰ Apple iPhone 13টো নোহোৱা হৈ থকাৰ তথ্য পালে আৰক্ষীয়ে। তেতিয়াই মৰাণ আৰক্ষীৰ IT CELL এ ট্ৰেক কৰিলে বিশালৰ Apple iPhone 13ৰ। তাৰেই সূত্ৰ ধৰি কেইঘণ্টামানৰ ভিতৰতে ২৫ কিলোমিটাৰ আঁতৰৰ ডিমৌৰ ১ নং উদয়পুৰত উপস্থিত হ’ল মৰাণ আৰক্ষীৰ দল।