Assam Assembly : এতিয়াৰে পৰা বিধানসভাত নামাজৰ বাবে নাথাকিব বিৰতি


 

অসম বিধানসভাৰ ডাঙৰ সিদ্ধান্ত। ৰুল ১১ সংশোধন কৰি নামাজৰ বাবে থকা বিৰতিৰ বিলুপ্তি। সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত গ্ৰহণ কৰে অসম বিধানসভাই। এতিয়াৰে পৰা নামাজৰ বাবে নাথাকিব বিৰতি। চৈয়দ চাদুল্লাৰ দিনৰে পৰা চলি আহিছিল এই নিয়ম।

শুকুৰবাৰে ১১:৩০ বজাৰ পৰা নামাজৰ বাবে বিৰতি দিছিল অসম বিধান সভাই৷ আজি অন্তিম বাৰৰ নামাজ বিৰতি দিয়ে অসম বিধানসভাৰ৷ কিন্তু আজিৰে পৰা এই নিয়ম নাথাকিব বিধানসভাত।

এই সিদ্ধান্তৰ পিছতে পূৰ্বৰ দৰে বিধানসভাৰ নামাজৰ সময় বাহাল ৰাখিবলৈ আহ্বান জনায় ধিঙৰ বিধায়ক আমিনুল ইছলামে। তেওঁ কয়, মুছলমানসকলক প্ৰাৰ্থনা কৰিব দিব নিবিচাৰে বিজেপিৰ একাংশ বিধায়কে। বিজেপি বিধায়কৰ এয়া অসহিষ্ণুতাৰ পৰিবেশ সূচনা কৰাৰ লক্ষ্য। বিধায়ক ৱাজেদ আলী চৌধুৰীয়েও এই সিদ্ধান্তৰ বিৰোধিতা কৰে।

Post a Comment

Previous Post Next Post