নগাঁও জিলাৰ মৎস্য ব্যৱসায়ী সন্থাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অনিৰ্দিষ্ট কাললৈ উজনি অসমলৈ মাছৰ যোগান বন্ধ কৰিলে নগাঁও জিলাৰ মৎস্য ব্যৱসায়ী সন্থাই। উজনি অসমৰ পৰিৱৰ্তে এতিয়াৰ পৰা মাথোঁ গুৱাহাটীলৈহে মাছ ৰপ্তানি কৰিব নগাঁও জিলাৰ মৎস্য ব্যৱসায়ী সন্থাই। শেহতীয়াকৈ উজনিত চলা ‘মিঞা হাটাও’ অভিযানৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত নগাঁও জিলাৰ মৎস্য ব্যৱসায়ী সন্থাৰ।
কেৱল ইমানে নহয়, উজনি অসমলৈ মাছৰ ৰপ্তানি বন্ধ কৰাৰ উপৰিও উজনি অসমত ‘মিঞা হাটাও’ বীৰ লাচিত সেনা শৃংখল চহিলাক কটু বাক্যৰে সমালোচনা নগাঁও জিলাৰ মৎস্য ব্যৱসায়ী সন্থাৰ বিষয়ববীয়াৰ।
উল্লেখ্য যে কিছুদিন পূৰ্বে শিৱসাগৰত বহিৰাগতই অসমীয়াক আক্ৰমণ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছিল। দুটা দিনৰ বাবে বন্ধ হৈ আছিল শিৱসাগৰত থকা একাংশ বহিৰাগত লোকৰ দোকান-পোহাৰ। অসমীয়া খিলঞ্জীয়া লোকক মাৰপিট কৰা বহিৰাগতই ৰাজহুৱাকৈ ক্ষমা নোখোজা পৰ্যন্ত বহিৰাগতৰ দোকান বন্ধ ৰখাৰ দাবী জনাইছিল শিৱসাগৰৰ জাতীয় দল-সংগঠনে। ৩০টাকৈ সংগঠনে শিৱসাগৰত বিগত কিছুদিন ধৰি ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছিল।
সন্দেহজনক নাগৰিকলৈ সকীয়নি প্ৰদান কৰিছিল আটাছুয়েও। নাজিৰা বালিঘাটৰ ভাৰাতীয়া হিচাপে থকা সন্দেহজনক নাগৰিকক এসপ্তাহৰ ভিতৰত উজনি অসম এৰিবলৈ সকীয়নি প্ৰদান কৰিছিল আটাছুয়ে। ফেচবুক পোষ্ট যোগে দিছিল এই সকীয়নি। ইফালে শিৱসাগৰ দৰবাৰ ৰোডৰ দেওবৰীয়া বজাৰত হ্ৰাস পাইছিল ৫০-৬০ শতাংশ ব্যৱসায়ীৰ সংখ্যা। ধিং কাণ্ডৰ পিছতে মিঞাক শিৱসাগৰ এৰি যাবলৈ নিৰ্দেশ প্ৰদান কৰিছিল জাতীয় সংগঠনসমূহে। কিন্তু ইয়াৰ মাজতে উজনি অসমলৈ মাছৰ যোগান বন্ধ কৰা বিষয়টোৱে সৃষ্টি কৰিছে চাঞ্চল্যৰ।