এটা ভিডিঅ’! গুৱাহাটীৰ সদাব্যস্ত GS Roadত দিন-দুপৰতে উদ্যত মাৰণাস্ত্ৰলৈ বাইকত উঠি বিনাদ্বিধাই যাত্ৰা দুই আৰোহীৰ। ভিডিঅ’ পোহৰলৈ অহাৰ পিছতে হাহাকাৰ লাগিল সকলোৰে মাজত। হাহাকাৰ লাগিল মহানগৰ আৰক্ষীৰো। কোনে গুৱাহাটীৰ ৰাজপথত হাতত দুটাকৈ মাৰণাস্ত্ৰ লৈ বিনাদ্বিধাই ঘূৰি ফুৰিছে, তাকে লৈ লাগিল হৈ-ছৈ। আৰক্ষীয়ে ঘটনাৰ ৰহস্য ভেদ কৰিবলৈ আৰম্ভ কৰিলে তদন্ত।
সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱা ভিডিঅ’ত দেখা গৈছে চুলি দীঘল এজন যুৱকে এজন যুৱকৰ বাইকত উঠি গৈছে। নীলা হাফপেণ্ট পিন্ধা যুৱকজনে ৰঙা হেলমেট পিন্ধি থকা দেখা গৈছে। লগতে পৰিধান কৰিছে ক’লা টি-ছাৰ্ট। কিন্তু অৱশেষত ভেদ হ’ল সমগ্ৰ ঘটনাৰ ৰহস্য।
মহানগৰ আৰক্ষীৰ ক্ষিপ্ৰ তদন্তৰ অন্তত পোহৰলৈ আহিল সমগ্ৰ ঘটনাৰ ৰহস্য। প্ৰথম অৱস্থাত এগৰাকী যুৱতীয়ে AK-47 লৈ অহা বুলি প্ৰকাশ পাইছিল যদিও, প্ৰকৃততে সেয়া আছিল দুজন যুৱকহে। যুৱক দুজন অহা বাইকখনৰ নম্বৰ আছিল AS-25U-2909। বিশাল ভৰদ্বাজ নামৰ যুৱকজনে চলাই আহিছিল বাইকখন। আৰু প্ৰবাল গোস্বামী নামৰ যুৱকজন উঠি আছিল বাইকখনত। প্ৰবাল গোস্বামীৰ হাততে আছিল বন্দুক দুটা। আৰক্ষীৰ তথ্য অনুসৰি বিশাল ভৰদ্বাজৰ ঘৰ ৰঙিয়াত আনহাতে প্ৰবাল গোস্বামীৰ ঘৰ বৰপেটাৰ পাটাচাৰকুছিত।
আৰক্ষীয়ে জনোৱা অনুসৰি যুৱক দুজনে কঢ়িওৱাই নিয়া সামগ্ৰীবিধ প্ৰকৃত বন্দুক নাছিল। সেয়া আছিল কাঠৰে নিৰ্মিত বন্দুক সদৃশ সামগ্ৰী। এখন অসমীয়া চুটি ছবিৰ শ্বুটিঙত ব্যৱহাৰ কৰিছিল বন্দুক সদৃশ সামগ্ৰী দুটা। গীতানগৰৰ সমীপত হোৱা শ্বুটিঙত ব্যৱহাৰ কৰিছিল বন্দুক সদৃশ সামগ্ৰী দুটা।