ভাৰতৰ মুখ্য ন্যায়াধীশ (CJI) সূৰ্য কান্তই লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰা এখন পত্ৰই বিশেষ চৰ্চা লাভ কৰিছে। পত্ৰখনত মুখ্য ন্যায়াধীশে বিৰোধী নেতাসকলক স্মাৰকপত্ৰ দাখিল কৰাৰ পৰিৱৰ্তে সংবিধানৰ ৩২ নং অনুচ্ছেদৰ অধীনত ন্যায়ালয়ৰ কাষ চাপিবলৈ পৰামৰ্শ দিছে। দেশত নিৰ্বাচনী অনিয়ম, তথাকথিত ‘ভোট চুৰি’, SIR প্ৰক্ৰিয়া আৰু মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ ভূমিকা সন্দৰ্ভত উদ্বেগ বৃদ্ধি পোৱাৰ সময়তে মুখ্য ন্যায়াধীশগৰাকীয়ে এই পত্ৰ প্ৰেৰণ কৰিছে।
বাৰ এণ্ড বেঞ্চৰ প্ৰতিবেদন অনুসৰি, মুখ্য ন্যায়াধীশ সূৰ্য কান্তে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ প্ৰেৰণ কৰা পত্ৰত উল্লেখ কৰে যে- বিচাৰাধীন গোচৰসমূহৰ বিষয়ে আলোচনা কৰিবলৈ বৈঠক অনুষ্ঠিত কৰিলে ক্ষমতাৰ পৃথকীকৰণৰ নীতি উলংঘা হ’ব পাৰে। লগতে, এনে বৈঠক ন্যায়িক নৈতিকতা আৰু শিষ্টাচাৰৰ পৰিপন্থী হ’ব বুলিও তেওঁ মত প্ৰকাশ কৰে।
পত্ৰখনত মুখ্য ন্যায়াধীশে লগতে স্পষ্ট কৰি কয় যে- তেওঁলোকৰ পত্ৰত উত্থাপন কৰা বিষয়সমূহৰ ওপৰত প্ৰশাসনিকভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষমতা উচ্চতম ন্যায়ালয়ৰ নাই। তেওঁ উল্লেখ কৰে যে, উত্থাপিত বিষয়সমূহৰ সৈতে জড়িত বিষয় ইতিমধ্যে ১৩ অক্টোবৰত শুনানিৰ বাবে তালিকাভুক্ত হৈ আছে। সেয়েহে সংবিধানৰ ৩২ নং অনুচ্ছেদৰ অধীনত উপযুক্ত আবেদন দাখিল কৰিবলৈ বিৰোধী নেতাসকলক পৰামৰ্শ দিয়ে।
পত্ৰ অনুসৰি, নেতাসকলে সোমবাৰে পুৱা ১০.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজাৰ ভিতৰত আবেদন দাখিল কৰিব পাৰিব। আনহাতে, ই-ফাইলিঙৰ জৰিয়তেও যিকোনো সময়তে আবেদন দাখিল কৰাৰ সুবিধা থাকিব।
