জে এন ইউৰ ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ : কংগ্ৰেছৰ বিৰুদ্ধে বিজেপি মহিলা মৰ্চাৰ প্ৰতিবাদ


 

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় চমুকৈ(জেএনইউ)ৰ ১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা কংগ্ৰেছ সাংসদ অংগোমচা বিমল আকোইজামক কংগ্ৰেছ নেতৃত্বই ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত সোমবাৰে বিজেপি মহিলা মৰ্চাই নতুন দিল্লীত এক তীব্ৰ প্ৰতিবাদী সমদল ৰূপায়ন কৰে। অন্ধ্ৰ এডুকেচন ছ'চাইটি স্কুলৰ পৰা আৰম্ভ হৈ কংগ্ৰেছৰ কেন্দ্ৰীয় কাৰ্যালয়লৈকে এই সমদল বাহিৰ কৰা হয়।

‘নাৰী শক্তি হুংকাৰ আন্দোলন’ৰ বেনাৰত অনুষ্ঠিত এই প্ৰতিবাদত বিজেপিৰ মহিলা নেত্ৰী আৰু হাজাৰ হাজাৰ কৰ্মীয়ে উক্ত সাংসদগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ আৰু পীড়িতসকলৰ ন্যায়ৰ দাবী জনায়। প্ৰতিবাদকাৰীসকলে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভদ্ৰাক এই সন্দৰ্ভত তেওঁলোকৰ কথিত মৌনতাৰ বাবে প্ৰশ্ন কৰে। লগতে আকোইজামক কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰাৰ উপৰি লোকসভাৰ পৰা তেওঁৰ পদত্যাগ দাবী কৰে।

বিজেপি মহিলা মৰ্চাৰ মতে, জেএনইউৰ আভ্যন্তৰীণ অভিযোগ সমিতিৰ (আইচিচি) এক প্ৰতিবেদনত ১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছিল। কিন্তু ইমান গুৰুতৰ অভিযোগৰ পিছতো কংগ্ৰেছ নেতৃত্বই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তোলে দলটোৱে।

প্ৰতিবাদস্থলীত উপস্থিত থাকি বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰতিমা ভৌমিকে কয় যে ন্যায়ৰ দাবী কেতিয়াও দমন ৰাখিব নোৱাৰি আৰু নাৰীয়ে তেওঁলোকৰ অধিকাৰৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিব। তেওঁ গুৰুতৰ অভিযোগৰ সন্মুখীন হোৱা এজন সাংসদক কংগ্ৰেছে ৰাজনৈতিক সুৰক্ষা প্ৰদান কৰাৰ তীব্ৰ সমালোচনা কৰে।

বিজেপি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভানেত্ৰী ডি পুৰেশ্বৰীয়েও কংগ্ৰেছ নেতাসকলৰ নাৰী সৱলীকৰণ সম্পৰ্কীয় বক্তৃতা আৰু এই গোচৰত তেওঁলোকৰ মৌনতাৰ মাজত থকা পাৰ্থক্য আঙুলিয়াই দিয়ে। তেওঁ ৰাহুল গান্ধীক সাংসদগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আৰু মহিলাসকলৰ ওচৰত ক্ষমা খোজাৰ দাবী জনায়।

সোমবাৰে পুৱ ১১ বজাত দীনদয়াল উপাধ্যায় মাৰ্গৰ অন্ধ্ৰ এডুকেচন ছ'চাইটি স্কুলৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী সমদলটোৱে কংগ্ৰেছৰ মুখ্যালয় পোৱাৰ পিছত প্ৰতিবাদকাৰীসকলে কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে শ্ল’গান দিয়ে। বিজেপি মহিলা মৰ্চাই অভিযোগ কৰে যে মুখ্যালয়ৰ পৰা ওলাই অহা একাংশ কংগ্ৰেছ সমৰ্থকে মহিলা প্ৰতিবাদকাৰীসকলক আক্ৰমণৰ চেষ্টা চলোৱাৰ লগতে অশ্লীল ভাষা ব্যৱহাৰ কৰে। অৱশ্যে এই অভিযোগসমূহ স্বাধীনভাৱে সত্য বুলি প্ৰমাণিত হোৱা নাই।

এই প্ৰতিবাদত কেন্দ্ৰীয় মন্ত্ৰী অন্নপূৰ্ণা দেৱী, ৰাজ্যিক মন্ত্ৰী নিমুৱেন জয়ন্তীভাই বাম্ভানিয়া, সাবিত্ৰী ঠাকুৰ আৰু ৰক্ষা নিখিল খাড়কে ধৰি কেইবাগৰাকীও মহিলা সাংসদ, বিধায়ক আৰু দলীয় বিষয়ববীয়াই অংশগ্ৰহণ কৰে। ছাত্ৰীসকলে ন্যায় নাপালে প্ৰতিবাদ অধিক তীব্ৰতৰ কৰাৰ হুংকাৰ দিয়ে বিজেপি মহিলা মৰ্চাই।

Post a Comment

Previous Post Next Post