দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সোমবাৰে ৬খন ৰাজ্যত নতুন ৰাজ্যপাল নিযুক্তি দিয়ে। কেৰালাম, তামিলনাডু, ওড়িশা, কৰ্ণাটক, উত্তৰাখণ্ড, ছিকিমত নতুন ৰাজ্যপাল নিযুক্তি দিয়ে মুৰ্মৱে ।
ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ এক বিজ্ঞপ্তি অনুসৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে কেৰালামৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰক তামিলনাডুৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়ে ৷ কেৰালামৰ নতুন ৰাজ্যপাল হ’ব ছিকিমৰ ৰাজ্যপাল ওম প্ৰকাশ মাথুৰ ৷ দুষ্যন্ত গৌতমক ছিকিমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে ৷
আনহাতে ঝাৰখণ্ড বিজেপিৰ জ্যেষ্ঠ নেতা ব্ৰজ মোহন ৰামক ওড়িশাৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে ৷ সুধা যাদৱক কৰ্ণাটকৰ ৰাজ্যপাল আৰু ধল সিং বিসেনক উত্তৰাখণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে ৷ এই নিযুক্তিসমূহ ৰাজ্যপালসকলে নিজৰ নিজৰ পদৰ দায়িত্ব লোৱাৰ তাৰিখৰ পৰা কাৰ্যকৰী হ’ব ৷
ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰক তামিলনাডুৰ পূৰ্ণকালীন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে ৷ কেৰালামৰ বাসিন্দা আৰ্লেকাৰে বিগত কেইবামাহো ধৰি তামিলনাডুৰ ৰাজ্যপালৰ দায়িত্ব চম্ভালি আহিছিল ৷
মাৰ্চত আৰ এন ৰবিক পশ্চিমবংগৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ পিছৰে পৰা অতিৰিক্তভাৱে তামিলনাডুৰ দায়িত্ব গ্ৰহণ কৰিছিল ৷ আৰ্লেকাৰ ৰাজনৈতিক আৰু প্ৰশাসনিক অভিজ্ঞতাৰে পুষ্ট ৷ তেওঁ গোৱা বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ ৷ ইয়াৰ পূৰ্বে তেওঁ হিমাচল প্ৰদেশ আৰু বিহাৰৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে ৷
ওম প্ৰকাশ মাথুৰ এজন প্ৰবীণ আৰু অভিজ্ঞ বিজেপি নেতা আৰু ৰাজস্থানৰ ৰাজ্যসভাৰ সাংসদ হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে ৷ ২০২৪ চনৰ জুলাই মাহত তেওঁক ছিকিমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছিল ৷
ব্ৰজ মোহন ৰাম পালামুৰ প্ৰাক্তন লোকসভা সাংসদ। তেওঁ হৰি বাবু কাম্ভমপতিৰ ঠাইত ওড়িশাত কাৰ্যভাৰ গ্ৰহণ কৰিব । হেন্দ্ৰগড়ৰ বিজেপিৰ প্ৰাক্তন সাংসদ সুধা যাদৱ ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণী আয়োগৰো প্ৰাক্তন সদস্য । থাৱাৰচন্দ গেহলটৰ ঠাইত কৰ্ণাটকত তেওঁক নিযুক্তি দিয়া হৈছে ।
দুষ্যন্ত গৌতম ৰাজ্যসভাৰ প্ৰাক্তন সদস্য । তেওঁ ছিকিমত ওম প্ৰকাশ মাথুৰক স্থলাভিষিক্ত কৰিছে । মাথুৰক কেৰালামলৈ বদলি কৰা হৈছে । ধল সিং বিসেনে মধ্যপ্ৰদেশ চৰকাৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে ।
